মোৰ জৰায়ু কৰ্ষণ কৰি
সম্ভাৱনাৰ বীজ ৰোপণ কৰি
সেউজীয়া প্ৰসৱ কৰাইছে ।।
তুলসীৰ তলে তলে
মৃগ পহু চৰিব
নিপাত যাওক
উপকাৰীৰ অপকাৰ ।।
সোণালী কাঁচিয়ে হাঁহিব
কলপাতত ৰবাব টেঙাৰ জোল
দাৱনীৰ খিলখিল হাঁহি ।।
পুনৰ
ৰ'দত শুকাই
বৰষুণত তিতি
মোৰ জৰায়ু
মাগুৰ বৰণীয়া হ'ব ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ