বিদ্ৰোহ-ধৰম পানিকা

0
হয় মই বিদ্ৰোহী মনৰ অধিকাৰী
হয় মই স্বাধীন স্বভাৱবাদী
অন্যায় দেখিলে সহ্য নহয় মোৰ 
দুৰ্নীতি দেখিলে মাত নমতা কৈ থাকিব নোৱাৰোঁ 
মই নহয়  চিৰিয়াখানাৰ জন্তু কিম্বা 
আপোনাৰ গোহালিৰ গৰু 
যে তিনিবেলাৰ  খাদ্য দি 
মোক যেন ইচ্ছা তেন নচুৱাবা 
মই হয় মুক্ত মনৰ অধিকাৰী ।
তোমাকতো আমি হে ৰজা পাতিছোঁ 
তোমাক কিয় ভয় কৰিম 
ৰাজতন্ত্ৰৰ অধীন থাকিলেও ,
অন্যায়ৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোহেঁতেন 
পিঞ্জৰাবদ্ধ হৈ জীৱন কটোৱাত কৈ 
স্বাধীন থাকি মৰি যোৱাই ভাল পাম 
অন্ততঃ স্বাধীন হৈ জন্ম লৈছিলো 
আৰু মৃত্যু সময়তো স্বাধীন হৈ মৰিলো 
বুলি আত্ম গৌৰৱ কৰিম । 
দেশৰ বাবে , জনগণৰ বাবে 
অন্যায়ৰ বিৰুদ্ধে , দুৰ্নীতিৰ বিৰুদ্ধে
বজাব বিচাৰোঁ বিদ্ৰোহৰ ৰণ ডংকা 
যদি হে লাগে আমাক 
এখন নিকা আৰু দুৰ্নীতি মুক্ত অসম 
হে , দেশৰ ছাত্ৰ-ছাত্ৰী সকল
অন্যায় দেখিলে বিদ্ৰোহ কৰা 
হে , দেশৰ যুৱক-যুৱতী সকল
শোষণ কৰা দেখিলে বিদ্ৰোহ কৰা 
হে , দেশৰ চাকৰিয়াল সকল 
দুৰ্নীতি দেখিলে বিদ্ৰোহ কৰা 
হে , দেশৰ সকলো দল সংগঠন 
ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা 
তেতিয়াহে চাগে সফল হ'ব 
দুৰ্নীতি আৰু অন্যায় মুক্ত অসম চোৱাৰ সপোন ।

◾ধৰম পানিকা 
নামতোলা ( সোণাৰি )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)