এক সংগ্ৰাম নহয়নে ?
অন্তৰৰ মাজতেই বেদনাবোৰ লুকুৱাই
যিয়ে বাহ্যিকতাত হাঁহিবলৈ শিকায়।
সংজ্ঞাও জীৱনৰ বৰ জটিল।
কেতিয়াবা যদি আনন্দৰ উমাল মুহূৰ্ত্ত,
কেতিয়াবা বিচাৰি পাওঁ অকলশৰে
নিৰ্জনতাৰ এচুকত বুকুত দুখৰ অগনি।
কৰ্মব্যস্ততাত পাহৰি পেলাই নিজক
হেৰুৱাই পেলাওঁ জীৱনৰ হাঁহি।
এমুঠি ভাতৰ বাবে
দিন-ৰাতি হাহাকাৰ কৰি
ভিক্ষাৰ হাত পাতো।
জিৰণি লʼবৰ নিজা ঠাই নাই।
পকী আলি দাঁতিৰ ফুটপাথতেই
নিজম ৰাতি মূৰ থৈ সন্তুষ্টি লভোঁ।
কৰি যাম আজীৱন সংগ্ৰাম
তিষ্ঠি থাকিম জীৱনৰ কঠিন পথত।
আশা আৰু সপোনবোৰেও মূৰ দাঙিব।
হেঁপাহৰ দলিচাত নৱ ৰূপে
দুদিনীয়া জীৱনক সজাই
চেষ্টা কৰিম আনন্দ লভিব।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ