তুমি মুক্ত বিহংগ উৰি ফুৰা বিৰিখে।
তুমি বোলা সপোন এটা চকুত কঢ়িয়াই আৰু কিমাননো ৰাখিম!
তোমাৰ পিছে ঘূৰি ফুৰোঁতে মোৰ জীৱন মূল্যহীন হৈ পৰিল।
য'ত মোৰ জীৱন সুখী আৰু আনন্দৰ হৈ উঠে,
সেই বাটে মই তোমাকেই বিচাৰি যাওঁ।
মৰুময় কণ্ঠত অমৃত তটিনী পোৱাৰ
মৃদু বায়ুৱে জুৰাই দেহ-প্ৰাণ,
ওৰেটো জীৱনৰ তুমিয়েই স্বভিমান।
কৰিলে অভিমান যে মৰণ সমান।
তুমি যে মোৰ প্ৰাণৰ প্ৰিয়া , এয়াই তাৰ প্ৰমাণ।
✍🏻আহচানাল মাৰিফ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ