সুখৰ অভিনয়- আব্দুল কাদেৰ মিঞা

সুখ বিচাৰি আজি সকলোৱে হাবাথুৰি খাইছে। বহু মানুহৰ জীৱনটো মাথো হৈ পৰিছে সুখৰ অভিনয়।মুখা পিন্ধি সুখৰ অভিনয় কৰা মঞ্চৰ শ্ৰেষ্ঠ অভিনেতা জনেও জীৱনৰ মঞ্চখনৰ কথা পাহৰি পেলাইছে। কাৰণ তেওঁ ভালকৈ জানে জীৱনৰ মঞ্চত সুখৰ অভিনয়ে কেতিয়াও দুখ আঁতৰাই ৰাখিব নোৱাৰে।সুখ আৰু দুখ দুটা আখৰৰ সমষ্টি মাত্ৰ।জীয়াই থাকিবলৈ প্ৰতিটো মুহূৰ্ততে সুখ আৰু দুখৰ লগত সংগ্ৰাম কৰিবলগীয়া হয়। কেতিয়াবা যদি নিজৰ লগত কেতিয়াবা আকৌ পৰিস্থিতিৰ লগত। সংগ্ৰাম কৰি কৰি যেতিয়া সকলো ৰাস্তা বন্ধ হৈ যায় তেতিয়া জীৱনটোক সময়ৰ হাতত এৰি দিয়াৰ বাহিৰে আন একো নাথাকে।জীৱনত সুখ বিচৰাটো সহজ কিন্তু পোৱাটো খুবেই কঠিন। এটা সুন্দৰ জীৱন অতিবাহিত কৰিবৰ বাবে আমাক প্ৰকৃততে কি লাগে ?কিছু অত্যাৱশ্যকীয় সামগ্ৰী , খাদ্য , বস্ত্ৰ আৰু এটি বাসস্থান।এই সকলোবোৰ থকাৰ পিছতো আমাৰ হেঁপাহ পূৰ্ণ নহয়।আমি বহু কিছু বিচাৰি থাকোঁআমাক লাগে আৰু লাগে। ধুনীয়া অট্ৰালিকা , বিলাসী গাড়ী , দামী এনড্ৰইড মোবাইল আৰু বিলাসী জীৱন য'ত কোনো বস্তুৰ অভাৱ আমি অনুভৱ কৰিব নোৱাৰোঁ। কাৰণ আমি প্ৰতিটো মূহুৰ্ত সুখেৰে জীয়াই থাকিব বিচাৰোঁ। কিন্তু সুখ জানো বিচাৰিলেও পোৱা যায়?সুখ ইমান সুলভ নহয় যে বিচাৰিলেই পাম।সুখ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ।কোনোবাই যদি ভঙা পঁজাত স্বৰ্গীয় সুখ অনুভৱ কৰিছে আকৌ কোনোবাই ডাঙৰ অট্টালিকাত থাকিও সেই সুখ অনুভৱ কৰা নাই। আচলতে সুখী হ'বলৈ ধন-সম্পত্তি বা টকা পইচা নালাগে। মনৰ শান্তিয়ে আচল সুখ, যিটো বৰ্তমান মানুহৰ ওচৰত নাই।হাজাৰ হাজাৰ টকাৰ বিনিময়তো মানুহে সুখ ক্ৰয় কৰিব নোৱাৰে। অথচ ফুট পথৰ মানুহজনে শান্তিৰে জীৱন-যাপন কৰি আছে। সুখ আমাৰ মনৰ মাজত থাকে ধন সম্পত্তিত নহয় । সুখ এনেকুৱা এটা বস্তু যাক কেৱল অনুভৱ হে কৰিব পাৰোঁ।সুখ মানেই হ'ল মানসিক শান্তি।সুখ , দুখ কোনোটোৱে আমাৰ জীৱনত স্থায়ী নহয়। তথাপিও ভাৱোঁ দুখৰ দিনবোৰ কিয় শেষ নহয়। মানুহৰ জীৱনৰ দুখ- সুখবোৰ গাড়ীৰ চকাৰ দৰে ঘূৰি থাকে।সপোন প্ৰত্যেকজন মানুহৰে আছে। কিন্তু অত্যাধিক ডাঙৰ সপোন দেখা ঠিক নহয়। নিজৰ প্ৰয়োজনতকৈ যেতিয়াই আমি বেছি কিবা বিচাৰোঁ তেতিয়াই আমাৰ জীৱনত সুখতকৈ দুখবোৰহে নামি আহে। বহু পুৰণি কথা এষাৰ আছে " আঠুৱা চাই ঠেং মেলা"- নিজৰ শক্তি আৰু সাধ্য অনুযায়ী আমি এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থকাই ভাল। নহ'লে সমস্যাই আৱৰি ধৰিব।মানুহ পৰিস্থিতিৰ দাস , কিন্তু সকলো সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা আমাৰ হাতত নাথাকে।‌পৰিস্থিতি সাপেক্ষে আমি সদায় সুখী হ'বলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা আমাৰ অতি আপোন মানুহজনে আমাক সাংঘাতিক ভাৱে মানসিক আঘাত কৰি আমাৰ পৰা আঁতৰি যায় আৰু তাৰ বাবে আমি মনত বহুত দুখ পাওঁ। সেই বুলি আমি কিয় তেওঁৰ কথা ভাৱি দীৰ্ঘ সময়ৰ বাবে দুখী হৈ থাকিম ? তেওঁ কেতিয়া ক'লৈ কি কাৰণত আঘাত কৰি গুচি গ'ল সেইবোৰ কথা কেতিয়াও গভীৰ ভাৱে চিন্তা কৰিব নালাগে। জীৱনটো আমাৰ ব্যক্তিগত। সেইবাবে জীৱনৰ সুখ আনৰ হাতত এৰি দিব নালাগে।মনটো আমাৰ গতিকে আনৰ মন্তব্যৰ চিকাৰ হৈ দুখবোৰ মনৰ মাজত চপাই ৰাখিব নালাগে।বিজ্ঞ সকলৰ মতে- মানুহে বৰ্তমানক লৈয়ে সুখী হ'ব লাগে।আধ্যাত্মিক পৰিবৰ্তন আৰু গভীৰ উপলব্ধিয়ে মানুহক স্থায়ী সুখৰ সন্ধান দিয়ে। তাৰ বাবে লাগে অকল মনৰ স্থিৰতা। দুখী হ'বলৈ সহজ কিন্তু সুখী হ'বলৈ বৰ কঠিন। মানুহ সুখী হ'বলৈ হাজাৰটা কাৰণ লাগে কিন্তু দুখী হ'বলৈ মাত্ৰ এটা কাৰণেই যথেষ্ট। সকলো সময়ত নিজৰ জীৱনটোক লৈ সুখী হ'বলৈ চেষ্টা কৰক কাৰণ বহুত মানুহে জীৱনত আপোনাতকৈ দুৰ্দশাগ্ৰস্ত বা হতাশাগ্ৰস্ত হৈ জীয়াই আছে। 
আমাৰ জীৱনৰ কৰ্মক্ষেত্ৰত বিভিন্ন দিশৰ পৰা আনৰ আঘাত পাওঁ আৰু পোৱা নোপোৱাৰ অভাৱ অনুভৱ কৰোঁ। সেই বুলি দুখ নকৰি নিজৰ কৰ্মক ধৰ্ম হিচাপে লৈ কেৱল আগবাঢ়ি গৈ থাকিলেই নিজক সবল মানুহ হিচাপে গঢ়ি তুলিব পাৰিব।ভৱিষ্যত সুন্দৰ কৈ তুলিবৰ বাবে আমি কৰ্ম কৰোঁ।আপুনি যি কামেই নকৰক কিয় , আনন্দ মনেৰে কৰক সফল হ'ব পৰিব আৰু সুখীও হ'ব পাৰিব।এজন ব্যৱসায়ী ব্যক্তিৰ কৰ্মক্ষেত্ৰত সমস্যা হোৱাটো তেনে কোনো ডাঙৰ কথা নহয়।তাৰ বাবে নিজৰ সমস্যা পৰিয়ালৰ মাজত প্ৰভাৱ পেলাই ঘৰখনত অশান্তিৰ সৃষ্টি কৰি নিজকে সুখৰ পৰা আঁতৰাই ৰাখি মানসিক ভাৱে কষ্ট অনুভৱ কৰাটো মুঠেই ঠিক নহয়। জীৱনত কোনো এটা বস্তুৰ মূল্য তেতিয়াই হয় যেতিয়া বস্তুটো আনে উপভোগ কৰে ।সুখ বোৰ ঠিক তেনেকৈ নিজৰ মাজত থাকিলে গুৰুত্ব নোহোৱা হয় আৰু আনৰ ওচৰত থাকিলে অনুভৱ হয়। সাতোৰঙী ৰামধেনুৰ সৃষ্টি হ'বলৈ যিদৰে ৰ'দ বৰষুণ দুয়োটাই লাগে , সেইদৰে জীৱনক সুন্দৰ ভাৱে অনুভৱ কৰিবলৈ সুখ আৰু দুখ দুয়োটাই লাগে।সুখ আৰু দুখৰ সংমিশ্ৰণেই জীৱন!মনৰ অপ্ৰয়োজনীয় চিন্তাবোৰ আঁতৰাই বৰ্তমান যি আছে যি পাইছোঁ তাতে সন্তুষ্ট হ'ব পাৰিলেই আমি সুখী হ'ব পাৰিম।সকলোৱে সুখেৰে থাকক তাৰেই কামনা কৰিলোঁ।

Post a Comment

Previous Post Next Post