আধৰুৱা শব্দৰ কবিতাবোৰ-মিন্টু গোৱলা

©Admin
0
শব্দৰ মালাৰে গাঁঠি
কবিতাৰ কোমল ভাষাৰে সাজি 
আধৰুৱা শব্দৰে লিখা 
মোৰ এই কোমল কবিতাবোৰ !

কত জীৱন -যৌৱনৰ কথাকে
অনুভৱ কৰি লিখা 
মোৰ অনুভৱ বোৰ !

অনুভৱ বোৰেই কত যে কবিতাৰ প্ৰেমিকৰ মনত 
কত যে সাঁচ বহুৱাই যায় ।

আধৰুৱা শব্দই কত যে
কি কথা কৈ যায় ।

সুপ্ত শব্দৰ মালাই
দি যায় ,প্ৰতিজনৰ
মনত এটি উৎসাহপূৰ্ণ
এই আধৰুৱা শব্দৰ কবিতা !

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)