চকুলোৰ হাঁহিৰে সজাও নিজক,
কবিতাৰ ভাষাত মৌ সানি অশ্ৰুই
সুখৰ বন্যা বিচাৰে বিষন্ন মন।
এই আশা আজি হৃদয়ৰ বাসনা
মনত নিদাৰুণ ভয় আৰু কন্দা ,
উভতি আহে সুখ ক্ষন্তেক সময়
কঠোৰ হয় এই সহজ জীৱন ।
দুখৰ গৰাহত এটুপি চকুলো
নৈৰ সোঁতত বয় অনাদি অনন্ত ,
নাজানোঁ শেষ ক'ত এই যাত্ৰাৰ
দুখৰ নদী স্ৰোত মাথোঁ বৈ যায় ;
উজাগৰী নিশা বুকুৰ সীয়নি ফালি
ভাৱনাত সততে ভৰে দুখৰ নদী ।
✍মাৰ্জিনা বেগম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ