কৰম-জিতেন্দ্ৰ সিং ৰাজপুত 

©Admin
0
কঁহুৱা হালিছে 
ভাদ মাহ চাপিছে,
সোণ গুটিৰ গজালিয়ে
সেউজীয়া আনিছে,
আনিছে কৰমৰ আগমন
কৰমতি সাজিছে
আখৰাৰ উন্মাদত 
ঢোল মাদল বাজিছে।

কৰমতিনৰ উপবাসত
কৰম ৰজা ধৰণীলৈ নামিছে,
পূজা আৰু অৰ্চনাত
আশাৰ বৃষ্টি নামিছে।

মাদলৰ মাত শুনি 
ডেকা-বুঢ়াই নাচিছে,
ধৰণীক আদৰ কৰি
আয়তীয়ে ভাবিছে
"সুখ বোৰ যেন সুখেই হৈ থাকক,
পথাৰৰ বোকা শষ্যৰ হাৰ হওক,
গৰ্ভিত বীজবোৰে সুঠাম দেহ লওক,
পথাৰখন সেউজীয়াৰে
সোণালী ৰূপ লৈ 
সোণগুটিক পুৰঠ কৰক।"

✍🏻জিতেন্দ্ৰ সিং ৰাজপুত 
মাইজান চাহ বাগিচা,ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)