ঘৰৰ চালৰ পৰা বৰষুণৰ পানী টোপালৰ শব্দ। ঘন-ঘনকৈ হোৱা " টোপ - টোপ" পানীৰ টোপালৰ শব্দই সুৰজিতক এক গভীৰ সুখানুভূতি প্ৰদান কৰিছে। পানীৰ টোপালবোৰ সৰি পৰাৰ দৰে জীৱনৰ প্ৰতিটো পল সৰি শেষ হৈ যায়। সময়ৰ বুকুত বিলীন হৈ যায় কত মানৱৰ কত ইতিহাস।
সুৰজিতৰ অতীতৰ বৰপেৰাটো মেলি চাবলৈ যেন মনে উৰা মাৰিছে। উৰা মাৰি কলেজীয়া জীৱনটোৰ ওপৰত পৰিলগৈ। স্কুলীয়া আৰু কলেজীয়া জীৱন বুলিলেই নানা নতুন অভিজ্ঞতাৰ ভঁড়াল। ১৯৯৭ চনত নামভৰ্তি কৰিছিল সি সেই কলেজখনত। সপোনৰ ৰঙীন আশাবোৰ বুকুত বান্ধি সেইবোৰ বাস্তৱায়িত কৰিম বুলি বহু আহে কলেজলৈ। কিন্তু কল্পনাৰ কথাবোৰ সকলোৰে বাস্তৱলৈ নাহে, সফলতাৰ মুখ দেখিবলৈ নৌপাওঁতেই হেৰাই যায় বহুতো কালৰ নিষ্ঠুৰ প্ৰহাৰত। হয়, আপুনি ঠিকেই ভাবিছে, সুৰজিতৰ মনলৈ তেনে এজন সহপাঠীৰ কথায়েই আহিছে।
নৱাগত আদৰণি সভাতেই তাৰ লগত প্ৰথম চিনাকী সুৰজিতৰ।
"নমস্কাৰ, মই সুৰজিত, তোমাৰ নাম?"
"মই বিপ্লৱ, বিপ্লৱজ্যোতি ফুকন।"
"তুমি মেট্ৰিকত ষ্টাৰমাৰ্কসহ উত্তীৰ্ণ হৈছা নহয় নে?"
"অ' হয়, তোমাৰ কেনেকুৱা ৰিজাল্ট। "
"নাই, মোৰ সিমান ভাল নহয়। দ্বিতীয় বিভাগত হে উত্তীৰ্ণ হৈছোঁ। "
এনেদৰেই গঢ়ি উঠিছিল দুয়োজনৰ মাজত বন্ধুত্বৰ এনাজৰী । এনে বন্ধুত্বৰ বিনিময়তেই সুৰজিতে গম পাইছিল, চিনি পাইছিল বিপ্লৱৰ ভিতৰৰ মানুহটোক। সদায় হাঁহি স্ফুৰ্তিৰে থকা বিপ্লৱে বহু কষ্ট কৰি কলেজত পঢ়িছে। দেউতাকৰ চাকৰি নাই, নাইবা দেউতাক এজন ডাঙৰ ব্যৱসায়ীও নহয়, নহয় কোনো ৰাজনৈতিক দলৰ নেতা - পালিনেতা। খেতিৰ মাটিও বেছি নহয়, গোটেই বছৰটো খাবলৈ নোজোৰে, দিন-হাজিৰা কৰিও চলিব লগা হয়। বিপ্লৱেও কলেজ বন্ধ হ'লেই কাম কৰি ঘৰখনক সকাহ দিয়ে। অৱশ্যে সি গাৱঁত ল'ৰা-ছোৱালী কেইটামান পঢ়োওৱা কামো কৰে। ইয়াৰ পৰা সি নিজৰ পঢ়া খৰচো উলিয়ায়।
বিপ্লৱৰ সম্পূৰ্ণ বিপৰীত আছিল ৰঞ্জন, দীপাংকৰহঁত। কলেজলৈ বিপ্লৱ আহে এখন পুৰণি চাইকেল লৈ। ৰঞ্জনৰ দেউতাক এজন অ' এন জি চিৰ বিষয়া আৰু দীপাংকৰৰ দেউতাক এজন পি ডাব্লিউ ডি ৰ ইঞ্জিনিয়াৰ।
জীৱনৰ এনে বহু সময় পাৰ হৈ যায়, যি বিলাক নিতান্তই গতানুগতিক, দিনৰ পাছত দিন ডায়েৰীৰ পাত যায়।
জীৱন কি ইমান সহজ ! আপুনি নিশ্চয় ক' ব - "নহয়"। উচ্চাকাংক্ষাৰ চালিকা শক্তি হ' ল এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ সুতীব্ৰ তাড়না, যি অহৰহ পীড়া কৰে ব্যক্তিসত্বাক।
সুৰজিতৰ সহপাঠী সকলৰো একেদৰে নাযায় সময়। মেধাৱী ছাত্ৰ হিচাপে নাম থাকিলেও ক্ৰমান্বয়ে ৰঞ্জনহঁত হৈ পৰে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত আৰু পিঠি দিয়ে পঢ়াৰ ফাললৈ।
স্নাতকৰ তৃতীয় বৰ্ষ। বিপ্লৱৰ দেউতাক পৰে দুৰাৰোগ্য বেমাৰত। বিপ্লৱৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাবলৈ ধৰে। ক্ৰমে কলেজত তাৰ উপস্থিতি কমি আহিবলৈ ধৰে। ৰঞ্জনহঁত আহি থাকে কলেজলৈ, কিন্তু নাথাকে শ্ৰেণীত উপস্থিতি, সেই সময়ছোৱা সিহঁতে বিলীন কৰি দিয়ে নিজকে এখন নিচাৰ মাতাল পৃথিৱীত।
চুড়ান্তবৰ্ষৰ পৰীক্ষাৰ ফৰ্ম পূৰোৱাৰ সময়তেই বিপ্লৱৰ দেউতাক আঁতৰি যায় এই পৃথিৱীৰ পৰা, শুই পৰে মৃত্যুৰ নিৰৱ শীতল শেতেলীত। এফালে বিপ্লৱৰ সহপাঠীসকলে পৰীক্ষাৰ বাবে চলাইছে প্ৰস্তুতি, আনফালে বিপ্লৱে ঘৰখনৰ সমস্ত ভৰণ-পোষণৰ বাবে নিজে মুৰ পাতি লৈছে।
পৰীক্ষাৰ আগে আগে সুৰজিত গৈছিল বিপ্লৱৰ ঘৰলৈ, সাঁচ বহুৱাইছিল তাৰ হৃদয়ত সেই জীৱনৰ দুখিলা পাতে।
কৃষ্ণ পক্ষৰ পলমকৈ উঠা শেতাঁ জোনটোৰ হেলনীয়া অনুজ্জ্বল পোহৰ গৈছে কোঠাটোৰ ভিতৰলৈ এপাত খোল খাই সেইখন আইনাৰ মাজেৰে , যাৰ আপাত দৃষ্টিত বন্ধ হৈ থকা আনপাত খিৰিকীৰ আইনা ভাঙি চুৰমাৰ হৈ যোৱাৰ অৱশিষ্টৰূপে আছে মাথোঁন ডেগাৰ সদৃশ দুটামান জোঙা টুকুৰা। জোনৰ সেমেকা পোহৰ পৰিছেগৈ উদং কোঠাটোৰ মজিয়াত, ভৰিৰ দাগ বুকুত লৈ ভাঁজ খাই পৰি থকা পুৰণি বাতৰি কাকতৰ পাতকেইখনত মৰাপাটৰ ৰছীৰে বান্ধি থোৱা অপ্ৰয়োজনীয় কাটি পেলোৱা টুকুৰাবোৰত, কাঠি সৰি সৰি শীৰ্ণকায় হৈ পৰা ঝাৰুটোত।
✍️পাপু শইকীয়া
চিনাতলী (গোলাঘাট
ধন্যবাদ
ReplyDelete