হেঁপাহ - লহৰজ্যোতি মৰাণ

জীৱন নামৰ শব্দটো 
বুজাত ইমান সহজ নাছিল, 
মই হে সহজ ভাবি বুজিবলৈ চেষ্টা কৰিলো। 

ভালপোৱাৰ যন্ত্ৰণা কি? 
পাইয়ো হেৰুৱা জনক সুধিবা
তুমি-মই, আমি-তুমি কৈ
বহুত সপোন ৰচিছিলো, 
য'ত জোন-তৰাৰ হাঁহি ধেমালি আছিল
তুমি জোনাকী হৈ মোক পোহৰ বিলাইছিলা, 
মোৰ ৰঙীন হৃদয়ত। 

এসময়ত যিবোৰ শব্দৰে কথা পাতিছিলো, 
সেই শব্দবোৰ মাজত ৰচিছিলো 
অলীক কল্পনা, 
এতিয়া সেই শব্দবোৰে মোক আমনি কৰিব। 

মোৰ মনৰ খুদুৱনি মাৰ নগ'ল
তোমাৰ হৃদয়ে ক্ষণে ক্ষণে 
নৱনতাৰ সঞ্চাৰ কবিৰ ধৰিলা 
তোমাৰ 
বিশাল সমৃদ্ধি ভাৱবোৰ 
বুজাত মোৰ পলম হ'ল।
 
মোৰ ভালপোৱা ,মৰমবোৰ
কেৱল 
উকা বাক্যৰ পৰিণত হ'ব 
তোমাৰ আকাংক্ষা পূৰাব পৰা 
ক্ষমতা চাগে মোৰ নাছিল
হয়তো তুমি ভুল ধাৰণা কৰিলা।

হেৰুৱাই পেলাম নেকি আকৌ এবাৰ নিজৰ অস্তিত্বক ?
য'ত মোৰ ভালপোৱা আজি ভাষাহীন
শব্দহীন
 অসহায় মাথোঁ অসহায়
কেৱল তোমাৰ বাবে। 

এতিয়া তোমাৰ ঠিকনা নতুন ।
তুমি য'তে থাকা, 
যাৰে লগত থাকা, 
সুখত থাকা 
সুখী হোৱা, 
তোমাক নিজৰ কৰাৰ হেঁপাহ 
হেঁপাহ হৈ ৰ'ল।।

✍️লহৰজ্যোতি মৰাণ
কাকপথাৰ  
উৱন গাওঁ।

Post a Comment

Previous Post Next Post