আমাৰ সমাজত অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ - বিটুমনি কোঁছ

©Admin
0
আমাৰ সমাজত অন্ধবিশ্বাসে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।অন্ধবিশ্বাস এক প্ৰকাৰৰ বিশ্বাস ।যি বিশ্বাসৰ সৃষ্টি আমাৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা চলি আহিছে।অন্ধবিশ্বাস মানৱ সমাজৰ এক ব্যাধি স্বৰূপ।যাৰ দ্বাৰা সমাজৰ প্ৰতিটো স্তৰেই কম বেছি পৰিমাণে আক্ৰান্ত।

অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ সমূহ আমাৰ সমাজত প্ৰচলিত পৰম্পৰা দৰেই হৈ পৰিছে। পৈত্ৰিক সম্পত্তিৰ দৰেই অন্ধবিশ্বাস সমূহ আমাৰ সমাজত এটা চামৰ পাছত অন্য এটা চামক দান দি যায়। এই বিশ্বাস এনে এক বিশ্বাস, যি কোনো ঘটনাক যুক্তিৰে বিশ্লেষণ নকৰাকৈ মানি লোৱা বা গ্ৰহণ কৰাৰ সিদ্ধান্ত।

অশিক্ষিত সকলৰ লগতে শিক্ষিত সকলেও ইয়াৰ পৰা বাদ পৰি যোৱা নাই । আমাৰ সমাজৰ দৰেই পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন সমাজত অন্ধবিশ্বাস প্ৰচলিত হৈ আছে।

আমাৰ সমাজত বিশেষকৈ আমি অন্ধবিশ্বাসৰ মাজতেই জন্ম হৈছোঁ।অন্ধবিশ্বাসৰ মাজতেই পালিত হৈছোঁ।যাত্ৰাৰ সময়ত কলা পখিলা গাত পৰা ,ক'লা মেকুৰী পাৰ হৈ যোৱা এইবোৰ বিপদৰ লক্ষণ বুলি বিশ্বাস সকলোৱে কৰে। চকুৰ পতা লৰা , বা দেহৰ অংগ লৰা, হাঁচি মৰা, জেঠিৰ টিক্ টিক্ শব্দ, আদিবোৰতো অন্ধবিশ্বাস ভৰি আছে , আকৌ অযুগ্ম সংখ্যা বোৰ অশুভ বুলি অন্ধবিশ্বাস আছে। আনহাতে বেমাৰ আজাৰক কেন্দ্ৰ কৰিও আমাৰ সমাজত অন্ধবিশ্বাস প্ৰচলন হৈ আহিছে। বৰ্তমানেও আমাৰ সমাজত বেমাৰ আজাৰ হ'লে ,বহুলোকে চিকিৎসকৰ কাষ চপাতকৈ বেজ পুৰোহিতৰ কাষ চাপে।পুৰোহিতে ৰোগীক বিভিন্ন ধৰণৰ মংগল চাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই। সকাম পাতিবলৈ উপদেশ দিয়ে। বিভূতি খাবলৈ, গাত সানিবলৈ দিয়ে।তাবিজ পিন্ধিবলৈ দিয়ে।কৃষক, শ্ৰমিক, আদি দুখীয়া শ্ৰেণীৰ লোক সকল বেছিকৈ অন্ধবিশ্বাসৰ বলি হোৱা দেখা যায়।

আজিও পুৰনি কলিয়া মনোভাৱলৈ আমাৰ সমাজৰ নাৰী পুৰুষ সচেতন হ'ব পৰা নাই। এটা কথা ঠিক যে চৰকাৰে অন্ধবিশ্বাস সমুহ নিঃশেষ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন আইন প্ৰনয়ন কৰি আহিছে। তথাপিও দৈনন্দিন প্ৰচাৰিত হোৱা বাতৰি কাকত সমুখত ডাইনী হত্যা, শিশু বধ, আদি কায্যবোৰ সংঘটিত হৈ থকা দেখা পোৱা যায়।আমাৰ সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ ক্ষেত্ৰত শিক্ষিত সমাজখনো দায়ী।আধুনিক শিক্ষাৰে শিক্ষিত হৈয়ো প্ৰায় ৭০শতাংশ লোক অন্ধবিশ্বাসৰ পৰা আঁতৰি যাব পৰা নাই। বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো বহুতো স্বেচ্ছাসেৱী সংগঠন সমুহ গঢ় লৈ উঠিছে। জনগনৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে বিজ্ঞানৰ মানসিকতা গঢ়ি তোলাৰ কাম হাতত লৈছে । আমাৰ সমাজ তথা দেশৰ পৰা অন্ধবিশ্বাস, অন্ধসংস্কাৰ সমুহ নাশ কৰাৰ বাবে জনসাধাৰণৰ মাজত বিজ্ঞানৰ মানসিকতা গঢ়ি তুলিব লাগিব। তেতিয়াহে আমাৰ সমাজখন অন্ধবিশ্বাস, অন্ধসংস্কাৰৰ পৰা মুক্ত হ'ব।

◾বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)