এজাক বৰষুণ আহিব - হেমেন হাজৰিকা

©Admin
0
আকাশখনে বৰণ সলাইছে
      চপৰা -চপৰ ক'লা মেঘে
      ওন্দোলাই আনিছে ।

      শস্য-সম্ভৱা পথাৰখনে
     আকাশলৈ চাই আছে
     গভীৰ আশাৰে
     অলেখ প্ৰত্যয়েৰে ।

    ভৱিষ্যত সুন্দৰ হ'ব
    শাওনত সিঁচিলেহে ঘাম
    কাতিত বন্তি জ্বলি
    আঘোনত
    চোতালত বহি
    ন- সাজ খাব ।।

   এজাক বৰষুণ লাগে
   আশাৰ
    প্ৰত্যয়ৰ
    বিশ্বাসৰ
    সেই বৰষুণ জাক
    আহোঁ আহোঁ কৰিছে
   আকাশখন ওন্দোলাই আনিছে ।

   ◾হেমেন হাজৰিকা
   ৰাণী
   কামৰূপ অসম
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)