জীৱন, সপোন, সফলতাৰ সমাহাৰেৰে এখোজ - লিছাপৰ্ণা শইকীয়া

©Admin
0
প্ৰত্যাহ্বানৰ ঠেলা- হেঁচাত ৰৈ যাব পৰাকৈ এই জীৱন ভগৱানৰ দান নহয়। দুখৰ সমাধিত সুখৰ ফুল ফুলে। আজুৰি নানিব ফুলপাহি, ধৈৰ্য ধৰক, প্ৰাৰ্থনা কৰক। জানেনে! প্ৰাৰ্থনাৰ শক্তি সকলোতকৈ প্ৰবল। সৰলতা যাৰ উৎস, সেই প্ৰাৰ্থনা সদায় স্বীকৃতিপ্ৰাপ্ত। 
    কেতিয়াবা পৰাজয়ৰো মুখ দেখিব লাগে। অভিজ্ঞতাবোৰ সামৰি লওঁক, সফলতাৰ শেষত সুখৰ চকুলোবোৰৰ সাক্ষী বহন কৰিব অভিজ্ঞতাবোৰেই। 
   সময় যিদৰে কাৰো বাবে ৰৈ নাথাকে, তেনেকৈ বিৰহ বুকুত বান্ধিও নুফুৰে। সলনি হ'বই এদিন সময় । 
   সতীয়ে অপেক্ষা কৰিছিল সেয়ে মহাদেৱক লাভ কৰিছিল। ৰাধায়ে বিশ্বাস ৰাখিছিল, কৃষ্ণৰ নহৈও আজীৱন কৃষ্ণৰ নাম হৃদয়ত ৰাখিছিল ,সেয়ে ৰাধা কৃষ্ণৰ গাথাঁ আজিও অমৰ। নিজৰ পৱিত্ৰতাৰ প্ৰমাণৰ হেতুকে পৰীক্ষা সীতা দেৱীয়েও দিছিল। কালৰ হাতত আমাৰ আৰাধ্যসকলো বাদ পৰি যোৱা নাছিল । তেওঁলোকেই শিকাইছে যে, "অপেক্ষাৰ অন্তত হেঁপাহবোৰে জিৰাব পৰা সুখখিনি আছে", "আত্মসন্তুষ্টিৰো আছে এক সুকীয়া মাদকতা", "নিজক হেৰাই যাবলৈ নিদিব,নিজৰ ওপৰত থকা আস্থাই হৈছে সফলতাৰ মূল মন্ত্ৰ"। বিপদৰ বেলিকা সকলোৱে পাৰ কৰে, কিন্তু থমকি ৰোৱা মানেই জীৱন নহয়।
    জীৱনটো উদযাপন কৰক। যুঁজ দিয়ক, সাহসী হওক। সফলতাৰ সপোন ৰচি যাওঁক, দিঠক কৰিব পৰাকৈ নিজৰ মন-মগজুক শক্তিশালী কৰি তোলক। দৃষ্টিৰ সিপাৰৰ ৰঙবোৰ না আমি দেখিছোঁ না আপুনি দেখিছে। আজুৰি আনক ৰঙবোৰ, ৰঙীন কৰক নিজৰ লগতে আন দহজনৰ জীৱন। এই জীৱন কেৱল নিজৰ বাবেই নহয়। বিয়পাই তোলক ৰঙবোৰ প্ৰেৰণাৰ, উৎসাহৰ, ভালপোৱাৰ।
   
✍️শ্ৰীমতী লিছাপৰ্ণা শইকীয়া
     গোলাঘাট
     দ্বিতীয় বাৰ্ষিক বিজ্ঞান শাখা
     মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)