সংগীবিহীন - নৱজিৎ নাথ

©Admin
0
এটি সপোনৰ চাকনৈয়াত ,
পোৱা-নোপোৱাৰ আশাত ,
হেৰুৱাৰ বেদনাত ,
বাস্তৱ জীৱনৰ  
কঠিন সময়ত ,
আজি সংগীবিহীন। 

সংগ্ৰামৰ খোজত, 
আশা-নিৰাশাৰ সুবাসত, 
দুৰ্ভগীয়া জীৱনৰ, 
কাঁইটীয়া বাটত 
আজি সংগীবিহীন।। 

হৃদয়ৰ দুৱাৰ দলিত, 
নিঃস্বাৰ্থ মৰমৰ অভাৱত,
আজি পৃথিৱীত সংগীবিহীন,
নিসংগতাৰ যে আজন্ম প্ৰেমিক।। 

নাই কাৰো সময়, 
নাই কাৰো সঁহাৰি, 
কংক্ৰীটৰ পৃথিৱীত 
সকলো নিজ স্বাৰ্থৰ দিশত , 
নিজ লক্ষ্যৰ দিশত।

✍️নৱজিৎ নাথ, , ছিপাঝাৰ, (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)