নিসংগতা - লহৰজ্যোতি মৰাণ

©Admin
0
জীৱনৰ পাতনি 
গভীৰ গাঁথনি ,
পাৰিম জানো ৰচিব তাত আমাৰ জীৱনী ?
দিনবোৰ বাগৰি সময় সলনি 
পাৰিম জানো তাত চতিয়াব আশাৰ ৰেঙনী ?
নিস্তুৰতা এই সময় 
অপেক্ষা নকৰে কাৰো বাবে,, 
যৌৱনৰ আমনি নৰয় থমকি 
মাথোঁ এই সময় স্তব্ধতা!! 
জীৱন বাটত অকলশৰীয়াকৈ
খোজত-খোজ থৈ নোৱাৰি আগবাঢ়িব,, 
প্ৰয়োজন হয় এগৰাকী সংগী
যি সংগী সুখ-দুখৰ হয় লগৰী!! 
নিসংগতা এই সময়
বাৰুকৈ উপলদ্ধি হয়,, 
জীৱনৰ মাজ বয়সৰ 
এই সময়ছোৱাত প্ৰয়োজন হয়,,
জীৱন সংগী !!! 

✍️লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)