" দাদা, পাঁচ টকা দিয়কচোন । বৰ ভোক লাগিছে, গোটেই দিন একো খাব পৰা নাই "। হাতত বাটি এটা লৈ দহ বছৰীয়া ল'ৰা এটাই ৰাস্তাত ভিক্ষা খুজি আছে । চহৰৰ ডাঙৰ মানুহ ৰমেনৰ ওচৰত ভিক্ষা খুজোতে তেওঁ ল'ৰাটোক টকাৰ সলনি চৰ এটা মাৰি ক'লে- " তহঁতৰ নিচিনা মানুহ এই সমাজত আছে বাবেই সমাজখনত উন্নতি হ'ব পৰা নাই " ।
ঠিক পাঁচ বছৰৰ পিছত একে ঠাইতে ৰমেনৰ বিলাতী গাড়ীখন হঠাতে বেয়া হৈ গ'ল আৰু গাড়ীখন গেৰেজলৈ নিবলৈ তেখেতক সহায়ৰ হাত আগবঢ়াবলৈ কোনো মানুহ আগবাঢ়ি অহা নাছিল ।l তেতিয়াই সেই ল'ৰাজনে আহি তেখেতৰ গাড়ীখন গেৰেজলৈ লৈ যাবলৈ সহায় কৰিছিল । যেতিয়া তেওঁ ল'ৰাজনক ধন্যবাদ দিবলৈ গৈছিল তেতিয়া ল'ৰাজনে ক'লে - " কেতিয়াবা সমাজত আমাৰ দৰে ভিক্ষাৰীৰো প্ৰয়োজন হয় আৰু সমাজ এখন ভিক্ষাৰীৰ বাবে নহয় বৰঞ্চ সমাজত মানৱতা গুণ নাথাকিলেহে সমাজখনত উন্নতি নহয় "। ল'ৰাজনৰ কথাত ৰমেনে বৰ লাজ পালে আৰু নিজৰ ভুল বুজি পালে।
✍🏻সুস্মিতা দাস , মৰিগাঁও ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ