ভালপোৱাৰ প্ৰতিশ্ৰুতি-লহৰজ্যোতি মৰাণ

Rinku Rajowar
0
ভালপোৱাৰ শেষ হাঁহি তুমি, 
তোমাৰ মাজতে মই বিলীন হ'ব বিচাৰোঁ , 
এয়াই মোৰ ভালপোৱাৰ প্ৰতিশ্ৰুতিৰ সংকল্প , 
তুমি কোৱা থাকিবা নে ? 
মোৰ হৈ সদায় ;
থাকিবা নে ? 
মোৰ কাষত সদায় 
জীৱনৰ ভালপোৱা ৰংবোৰ
আকৌ উপভোগ কৰিম 
নতুন ৰূপত
তুমি দিবানে সঁহাৰি ?
মই জানো এই সঁহাৰি 
অলপ পলম হ'ব ! 
কিন্তু মই নোৱাৰিম
ইমান ধৈর্য ধৰিবলৈ 
ভালপোৱাৰ প্ৰতিশ্ৰুতি মই দিছোঁ 
তুমি গ্ৰহণ কৰিব পৰা নাই , 
এয়া চাগে ভালপোৱাৰ প্ৰতি অৱমাননা 
মোৰ হৃদয়ে কেৱল 
তোমাকে বিচাৰে সদায় ! 
তুমি হয়তো জানিও
বুজিবলৈ চেষ্টা নকৰা ! 
মই দেখা ভৱিষ্যতৰ
ৰঙীণ সপোন
এতিয়া ধূলিস্যাৎ হ'ব ! 
মোৰ মনৰ ভালপোৱা কেৱল 
প্ৰতিশ্ৰুতি হৈ ৰ'ব ।

✍🏻শ্ৰী লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)