যন্ত্ৰণাময় জীৱন
মোৰো এখন হৃদয় আছে
আছে অজুত সপোন
প্ৰতি নিশাই আৰু কিমান সহ্য কৰিম অ'
সেই অসহনীয় যন্ত্ৰণাবোৰ
কিমান চলাবা আৰু মোৰ ওপৰত
অমানৱীয় অত্যাচাৰ
আৰু কিমান সহ্য কৰিম মই
নাৰকীয় যন্ত্ৰণা ?
তুমি মোৰ স্বামী , মোৰ ভগৱান তুমি
পূজা কৰোঁ তোমাক
মোৰ হৃদয়ৰ থাপনাত
বিশ্বাস নহয় মোৰ নিজৰ চকুজুৰিৰ ওপৰত
নিতৌ ৰাতি দেখা পাওঁ তোমাৰ নৰখাদকৰ ৰূপ
তাণ্ডৱ চলোৱা মোৰ শৰীৰৰ প্ৰতিটো অংগৰ ওপৰত
চলোৱা মোৰ ওপৰত সহিব নোৱাৰা অত্যাচাৰ
কি প্ৰমাণ দিলা তুমি যুগ্ম জীৱনৰ লগৰী হোৱাৰ ?
অগ্নি শপত খাই সাতোতা জনম একলগে থকাৰ ?
নকৰিবা মোক দ্ৰৌপদীৰ দৰে বস্ত্ৰ হৰণ
দুশাষন হৈ নিতৌ মাজনিশা
শিৱৰ দৰে মৰম কৰা মোক
পাৰ্বতী হৈ তোমাৰ শ্ৰীচৰণত আজীৱন ব্ৰতী হ'ম
কিন্তু এই আন্ধাৰ কোঠালীৰ মাজত
আৰু সহ্য কৰিব নোৱাৰো অ'
আজি ছটা মাহে পোহৰ কি বস্তু
মই দেখাই পোৱা নাই
দেখা নাই মই বাহিৰৰ জগতৰ ৰঙীণ পোহৰ
মই এতিয়া তোমাৰ সন্তানৰ মাতৃ হ'বলৈ ওলাইছো অ'
মোক শাস্তি নিদিবা আৰু
আমাৰ হ'বলগীয়া সন্তানটোৰ কথা এবাৰ ভাবা
তাৰ বাবে মই সকলো দুখ কষ্ট পাহৰি পেলাম অ'
মোক মুক্তি দিয়া এতিয়া
পৃথিৱীৰ ৰঙীণ পোহৰৰ লগত মোক চিনাকী হ'বলৈ দিয়া।
নাৰী হ'লো বুলিয়েই আৰু কিমান সহ্য কৰিম
নিতৌ ৰাতি মানৱ ৰূপী দানৱৰ অসহনীয় অত্যাচাৰ !
নাৰী হেনো দেৱীৰ অন্য এটা ৰূপ
নালাগে মোক দেৱীৰ দৰে পূজা কৰিব
পত্নীৰ দৰে মৰম কৰা মোক
তাতেই হ'ম মই সন্তুষ্ট ।
✍🏻দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ