আকৌ লগ পাম প্ৰিয়তমা-দ্বীপ দীপাংকৰ লাহন

©Admin
0
তন্দ্ৰাৱলী নিশা যেতিয়া
জোনে তৰাৰ লগত উমলিব

তেতিয়া আকৌ লগ পাম প্ৰিয়তমা

আহিনৰ কাঁচিয়লি ৰ'দে যেতিয়া 
নিয়ৰৰ মুকুতা মণি বুটলিব 

আকৌ লগ পাম প্ৰিয়তমা !

আমাৰ সপোন বোৰে যেতিয়া 
আঁউসী ৰাতি উচুপি কান্দিব 

যেতিয়া কঠিন শিলত উজুটি খাই পৰিব হিয়াৰ মৰম বোৰ 

আমি আকৌ লগ পাম প্ৰিয়তমা

কলিজাৰ কেঁচা তেজেৰে যেতিয়া তোমাৰ নাম লিখিবলৈ মন যাব মোৰ 

আকৌ লগ পাম তেতিয়া  আমি প্ৰিয়তমা!

জোনাকীৰ পোহৰেৰে ৰাতিৰ আন্ধাৰত যেতিয়া সূৰ্য্যদয়ৰ ছবি আঁকিবলৈ মন যাব 
আমি আকৌ লগ পাম প্ৰিয়তমা

আকৌ লগ পাম আমি প্ৰিয়তমা! 

যেতিয়া হালধীয়া সোণাৰু থোপা-থোপে ফুলিব
সাতোৰঙী ৰামধেনুয়ে যেতিয়া খিলখিলাই হাঁহিব 
যেন আমি আকৌ লগ পাওঁ তেতিয়া
প্ৰিয়তমা

আজিলৈ বিদায় মাগিলো তোমাৰ পৰা 
বিদায় প্ৰিয়তমা।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)