আকৌ শৰত আহিল
আগ চোতাল খন শুৱনি হৈ পৰাকৈ
শেৱালী ফুল পাহিও ফুলি উঠিল
মনলৈও এনে ভাৱ আহিছে যেন
আহিন মানেই শৰতৰ আগমন ।।
শৰতৰ আগমনে প্ৰকৃতি যেন কৰে মনোমোহা
হেঁপাহৰ পথাৰ খনও জীপাল হৈ উঠে আহিনৰ কুঁৱলীৰ আগমনত ,
চালে চকুৰোৱা হৈ পৰাকৈ লহ- পহকৈ বাঢ়ি আহিব ধৰে ধানৰ সেই কুমলীয়া ঠোকবোৰ
তাতেই যেন প্ৰাণ পাই জী উঠিব ধৰে কৃষকৰ আশাবোৰ ।।
শৰতৰ আগমন মানেই মনলৈ আহে শাৰদীয় দুৰ্গা পূজাৰ কথা ,
শৰতৰ আগমনে সত্ৰ নগৰী মাজুলীবাসীৰ মনটো জগাই তোলে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কথা
শৰততে মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনত ,
কানাইৰ মুৰুলীত মুখৰিত হৈ উৎফুল্লিত হয় মাজুলীবাসী
শৰতৰ আগমনৰ লগে লগে ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ