চেনাই মোৰ- লক্ষ্যজিত নাথ

©Admin
0
তিয়াবাটো আহিব সখী, মোৰ চেনাই ঐ
কেতিয়াবাটো লগাব মাত,
ফুলিব মোৰ প্ৰেমৰ কলিটিয়ো,
তুমি, পখিলা হৈ বহিবা তাত।

কেতিয়াবাটো আহিব সেই ঘাটেৰে মোৰ
কেতিয়াবাটো মৰমে বুলাবা দুহাত,
তুমি যেন সেই নীলাৰ বগা চাদৰ
তুমিয়েই যেন বৰষাৰ মাত।

কেতিয়াবাটো থমকিব  হৃদয় মোৰ, আকৌ আগৰ দৰেই এবাৰ
স্পন্দিত মাথোঁ তোমাৰ বাবে,
অপেক্ষা কৰিম মোৰ দুবাহু মেলি, তুমি নহা লৈ
চেনাই....... তুমি আহিবা নে ঐ।

ব্যাকুল নহয় মোৰ মন, তোমাক লগ পাওঁ বুলি
মৃদু, এই অপেক্ষাই মাথোঁ
তুমি আহিবা বুলি ভবায়েই প্ৰাণ।

কেতিয়াবাটো আহিব সখী, মোৰ চেনাই ঐ
কেতিয়াবাটো লগাব মাত.......।

      ✍লক্ষ্যজিত নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)