লাঠি
টিয়নি এৰি
কাৰশলা গছত উঠিল ।
নাও বুৰিল
তথাপিও কাৰশলা
টিঙতে থাকিল ।
চন্দ্ৰাৱলী নিশা
উৰণীয়া তৰাবোৰ
পথ হেৰুওৱা পথিকৰ
কিমান আশাৰ বতৰা ।
সেই আশাতে
আৱিষ্কাৰ হ'ব
গড়গাঁৱৰ শিপা ।
✍️হেমেন হাজৰিকা
ৰাণী
কামৰূপ অসম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ