এটি প্ৰতিশ্ৰুতি-নীল প্ৰজাপতি

অসীমৰ হেঙুলীয়াত উৰি ফুৰা নীড়মুখী পখীৰ গান
মলয়াই আঁচল উৰুৱাই জুৰে মিঠা তান,
সূৰুযে মেলানি মাগে এটি দিন হৈ অহাৰ 
জিলিকাই শাৰদীয় কুঁৱলিৰ
হাইতাল বুলীয়া হাঁহি ! 


নিশাৰ পদুলিত সান্নিধ্যৰ শেৱালি 
জোনাকী গীত গাই মেলে পাপৰি, 
নিশাটিয়েও আওৰাই এটি কবিতা , 
এটি প্ৰতিশ্ৰুতি উভতি অহাৰ !



Post a Comment

Previous Post Next Post