হেমন্তৰ হেঙুলীয়া আবেলি-ৰূপা মনি দাস

Rinku Rajowar
0
হেমন্তৰ হেঙুলীয়া আবেলি ,
তোমাৰ বুকুত সৰাপাতৰ উৰুলি
মৃদু বতাহ জাকৰ লগত এহাল গানৰ চৰাই উৰি আহি মোৰ ওঁঠত পৰে ,
পলে পলে খেদি ফুৰে মোক
তোমাৰ প্ৰেমৰ চিপাহীবোৰে
নিৰিবিলি জোনাকী গধুলি সাৰ পাই তেজ অতলত স্বপ্ন হাঁহি ,
তোমাৰ নামেৰে আৰম্ভণি মোৰ প্ৰতিতো দিন আৰু ৰাতি ,
মোৰ দুখ-সুখ,হাঁহি-কান্দোন সকলোতে তুমি ।
মোৰ টোপনিত সপোন হৈ ফুলি আছা তুমি ,
মোৰ জীৱনৰ পোহৰ বিলোৱা এগচি চাকি ,
মোৰ বিষাদত তুমি যন্ত্ৰণাৰ নীলাভ ৰাতি ,
আকন্ঠত ডুবি থাকোঁ তোমাৰ ভাৱনাত ।
মৰি মৰি জী উঠা আশাবোৰ বহি থাকে মোৰ বুকুৰ চোতালত 
তোমাৰ আকুল প্ৰতিক্ষাত ।।

✍🏻ৰূপা মনি দাস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)