আধুনিক প্ৰেম -আব্দুল কাদেৰ মিঞা

©Admin
0
প্ৰেম - যাৰ নাম শুনিলেই উজ্বলি উঠে হৃদয়। প্ৰেম জীৱনৰ এটি অংশ, এটি অনুভৱ।যি অনুভৱে মন ভৰাই তোলে, আৰু জীৱন ৰঙীণ কৰি তোলে। সকলোতে বাজি উঠে মাথোঁ প্ৰেমৰ গান। প্ৰেমৰ সংজ্ঞা বহু জনে নানা ধৰণে আগবঢ়াইছে ।
কিছুমানৰ মতে, প্ৰেম এজাক ধুমুহাৰ দৰে, কিছুমানৰ মতে প্ৰেম আকৌ এটি বিষাদৰ নামহে,যি বিষাদে চিৰদিন এজন মানুহক কষ্ট দি থাকে। প্ৰেম মানে শৰীৰ নহয়,প্ৰেম মানেই মুক্তি,প্ৰেম মানে মুক্ত।প্ৰেম কোনো বাহ্যিক সৌন্দৰ্যৰ আকৰ্ষণ নহয় প্ৰেম হৈছে হৃদয়ৰ মাজত অনুভুক্ত কিছুমান ভাৱনা। প্ৰেমৰ কেতিয়াও মৃত্যু নহয়, প্ৰেম অমৰ। প্ৰেম কেতিয়াও স্বাৰ্থপৰ হ'ব নোৱাৰে, প্ৰেম কেতিয়াও বিশ্বাসঘাতকতা হ'ব নোৱাৰে। হয়তো মানুহ স্বাৰ্থপৰ বা বিশ্বাসঘাতকতা হ'ব পাৰে কিন্তু প্ৰেম নহয়। কিছুমানৰ মতে সৌন্দৰ্য্যৰ বাবে কেতিয়াও প্ৰেম নহয়, প্ৰেমৰ বাবেহে সৌন্দৰ্য্য !
কিন্তু বৰ্তমান সময়ৰ প্ৰেম বন্ধ কোঠালীৰ ভিতৰত আবদ্ধ। প্ৰেমৰ সম্পৰ্ক বোৰ খন্তেকীয়া , প্ৰয়োজনৰ সময়তহে প্ৰেম বিচাৰে, প্ৰয়োজন শেষ হ'লেই প্ৰেমৰ সম্পৰ্ক শেষ। আজি কালি প্ৰেমৰ আন এক নাম হ'ল বিশ্বাসঘাতকতা । ইয়াৰ কাৰণ প্ৰেম মানেই শাৰীৰিক সম্পৰ্ক ।কথাষাৰত বহুতে বেয়া পাব পাৰে আঙুলি উঠাব পাৰে কিন্তু অপ্ৰিয় হ'লেও নিভাজ সত্য!
ল'ৰা জন দেখাত ধুনীয়া,বাপেকৰ ধন সম্পত্তি দেখি বহু ছোৱালীয়ে প্ৰেমত পৰে কিন্তু কেতিয়াও ল'ৰা জনৰ চৰিত্ৰ কেনেকুৱা কোনেও নাচায়।
বৰ্তমান সময়ত কিন্তু প্ৰেমৰ লাইনো বিপথে পৰিচালিত হোৱাটোহে দেখা যায়, আজি কালি প্ৰেমত আহি পৰিছে সময় কটোৱা, শাৰীৰিক সম্পৰ্ক আদিৰ পৰা আত্মহত্যা পথ বাচি লোৱা । প্ৰথমতে প্ৰেম তাৰপিছত ছোৱালীজনীক ফুচলাই যৌন সম্পৰ্ক, তাৰ পিছত ভিডিও বনাই টকাৰ ডিমান কৰিব, নহ'লে Internet ত ফাদিল কৰিব। পাৰ্কত বা ৰাস্তা-ঘাটে দেখিব প্ৰেমিক- প্ৰেমিকাৰ অবৈধ প্ৰেম আৰু আপত্তি জনক দৃশ্য।। 
এই ক্ষেত্ৰত কেৱল ল'ৰা দায়ী নহয়, ছোৱালী বোৰৰ ও দোষ আছে, কাৰণ ছোৱালী বোৰে সুবিধা দিয়ে,যদি নিজে সুখ ল'বলৈ শৰীৰটো এৰি দিয়ে আনক তেতিয়া ভালেই পাব আনন্দ ল'বৰ বাবে,যদি ছোৱালীজনী ভাল হয় কোনো ল'ৰাই এইবোৰ কৰিব সাহস নাপাব তেতিয়া।
এইবোৰ প্ৰেম নহয় প্ৰেমৰ নামত ভণ্ডামীহে ।
ছোৱালী সকল সুন্দৰ চেহেৰাৰ বা ধন সম্পত্তি চাই কেতিয়াও কোনো ল'ৰাৰ লগত প্ৰেম নকৰিবা । প্ৰেম কৰিবা সেইজন ল'ৰাৰ লগত যিজনে তোমাক সন্মান কৰে, বিশ্বাস কৰে।
সেই বুলি আকৌ সকলো ধুনীয়া আৰু ধনী ল'ৰা বেয়া নহয়। সকলো ল'ৰাৰ মন একেই নহয়। ঠিক ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱাই। ল'ৰা ছোৱালী দুয়োৰে মানুহ হিচাপে জ্ঞান , বুদ্ধি বিবেক আছে, ভুল শুদ্ধ বিচাৰ সকলোৱে কৰিব পাৰে। সেই ল'ৰা বা ছোৱালীৰ লগত কেতিয়াও প্ৰেম নকৰিবা যিজনে তোমাক ভাল লগাবলৈ ক'ব পাৰে Baby you are so hot নাইবা sexy.কাৰণ ইয়াৰ আৰত আছে শৰীৰৰ প্ৰতি আকৰ্ষণ প্ৰেমৰ প্ৰতি নহয়। আজি কালি প্ৰেমৰ কোনো বয়স নাই , যাৰ বাবে প্ৰেম সস্তীয়া হৈ পৰিছে। সস্তীয়া জনপ্ৰিয়তা, নিয়ন্ত্ৰণহীন আৱেগৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে বিশৃঙ্খল জীৱন জাপন কৰে। আদব কাইদা যদিও আমাৰ অতি আধুনিক হৈ গৈ আছে মানসিকতা কিন্তু জাকাইচুকতে সোমাই আছে এতিয়াও। বিলাসিতা আৰু সহজ মানি দেখি বহুতো ছোৱালীয়ে নিজকে পণ্য সামগ্ৰী হিচাপে আগবঢ়ায় দিছে আৰু এই সহজলভ্যতাই বহুতকে আকৰ্ষনো কৰিছে যদিও আন কাৰোবাৰ হয়তো অন্ধকাৰো মাতি আনিছে। মূহুৰ্তৰ আনন্দ উত্তেজনাৰ কাৰণে বহুতেই বিশৃঙ্খল জীৱন ধাৰা বাছি লয়, সুস্থ সম্পৰ্কৰ ধাৰনাটোক উপলুঙা কৰে। ইয়াৰ ফলাফল কোনোবা নিৰ্দোষ এজনে ভোগ কৰিব লগা হয় কাৰণ নিজৰ আপোনজনৰ এনে অতি মুক্ত মনোভাৱ, বা প্ৰতাৰণামূলক ব্যৱহাৰ সহিব নোৱাৰিলে জীৱনৰ চৰম পন্থা ল'বও কিছুমানে কুন্ঠাবোধ নকৰে।
প্ৰেমত যৌনতা এটা সাধাৰণ কথা। মুকলিকৈ নকলেও বেছিভাগ প্ৰেমৰ সম্পৰ্কত যৌনতা থাকেই। কিন্তু যৌন সম্পৰ্ক হোৱা অবিবাহিত ছোৱালী এজনীৰ প্ৰতি সমাজৰ যি দৃষ্টি ভংগী তাক সহ্য কৰিব নোৱাৰিও বহু ছোৱালীয়ে প্ৰেমিকে কৰা বিশ্বাসঘাতকতাৰ ফলত আত্মহত্যাৰ দৰে পথ বাচি লয়।
বৰ্ধিত প্ৰেমজনিত মানসিক অসুবিধা আৰু আত্মহত্যাৰ আন এটা প্ৰধান কাৰণ হ'ল-" wrong  judgement of society"
ছোৱালীৰ যিটো ইমেজ সমাজে পৰিশীলতা বা সন্মানৰ নামত যিবোৰ নিয়ম বা সন্মানৰ নামত যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰেই আত্মহত্যাৰ অৰিহনা যোগায়।
বৰ্তমান সময়ৰ সংঘাতময় প্ৰেম, বিফলতা আদিৰ প্ৰধান কাৰণ হ'ল অবিশ্বাস,যাৰ দ্বাৰা প্ৰেমত বিশ্বাসঘাতকতাৰ সৃষ্টি হোৱা। প্ৰেমত প্ৰতাৰিত বা বিফল হ'লে বেছিভাগ ল'ৰা ছোৱালীয়ে ডিপ্ৰেছনৰ চিকাৰ হয়।ডিপ্ৰেছনৰ লগত মোকাবিলা কৰিব নোৱাৰিলেই বহুতে আত্মহত্যাৰ পথ বাচি লয়। প্ৰেমৰ সম্পৰ্ক আজিকালি জীৱনদায়িনী নহৈ নাটক ৰূপ লৈছে।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মতে ৩.২% আত্মহত্যাৰ পৰিসংখ্যাত অসমৰ নাম প্ৰথম তাৰ পিছতেই তামিলনাডু আৰু মধ্য প্ৰদেশ (৪৯৪,৩৮৬,৩৫৫,NCRB ১২)।
মই সেই সকলোক কৈছোঁ যিয়ে প্ৰেমত বিশ্বাসঘাতকতা , আঘাত বা কষ্টত চিন্তিত হৈ মনে মনে বা অকলে নাথাকি তোমাৰ কোনো বিশ্বাসী মানুহ এজনৰ লগত সেই কথাখিনি প্ৰকাশ কৰি  দিয়া, প্ৰকাশ কৰিলে মনৰ কষ্ট বা আঘাত অলপ হ'লেও কমি যায়, তুমি যাৰ লগত কথাবোৰ প্ৰকাশ কৰিবা সেই মানুহ জনে কিবা নহয় কিবা এটা যুক্তি বা বুদ্ধি তোমাক দিব, সেই যুক্তি বা বুদ্ধিৰ মাজত তোমাৰ মনৰ কষ্ট বা আঘাতৰ সমাধানো থাকিব পাৰে।
আমি অনুভৱ কৰিব লাগিব এটা জীৱন কৰোবাৰ বাবে ধেমালি নহয়,হাতৰ খেল নহয়, আত্মহত্যা মাত্ৰ এটা খবৰৰ কাগজ বা টেলিভিছনৰ খবৰ নহয় । এই বিষয়ত প্ৰতিজন নাগৰিকেই চকু  দিবৰ সময় হ'ল কাৰণ কি জানে কাইলৈ হয়তো আপোনাৰ সন্তানো এটা খবৰ হৈ আহিব পাৰে আপোনাৰ ওচৰলৈ।
আত্মহত্যা জীৱনৰ সমাধান কেতিয়াও হ'ব নোৱাৰে, প্ৰেমী, প্ৰেমীকাই  জীৱনত যিমানেই বিশ্বাসঘাতকতা, আঘাত  নিদিয়ে কিয় , এনেকুৱা পথ বা চিন্তা মনলৈ নানিবা । জীয়াই থাকি আগলৈ আগবাঢ়ি যোৱা আৰু আশা ৰাখা হেৰাই যোৱা বহুত কিবা বিচাৰি পাবা জীৱনত, এয়াই মোৰ অনুৰোধ সকলো বন্ধু বান্ধৱীক।। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)