নীৰৱ হৃদয়ৰ কবিতা - ৰাহুল চেতিয়া

ভয় লাগে দেখোন
সমন্ধ বোৰ গঢ়ি 
আগুৱাই নিবলৈ...
কিজানি কৃত্ৰিমতাৰ বাবে
সঁচা মৰমবোৰ হেৰুৱাই পেলাওঁ !
আধুনিকতাৰ প্ৰতিযোগিতাৰ বাবেই
আত্মীয়তা, বন্ধুত্ব কি প্ৰেম
সকলোতে দেখোন ভৰপূৰ কৃত্ৰিমতা...
হাজাৰ বাৰ ৰিক্ত মোৰ হিয়া ,
কম্পিত মোৰ বুকুৰ স্পন্দন ,
তথাপিও দুৰ্বোধ্য হৈ
থাকিব চিৰ দিন মোৰ হিয়াত
বিশ্বাস , ভালপোৱা আৰু মৰম...
অলিখিত মনৰ শব্দই
স্পৰ্শ কৰিব কবিতাৰ আকাশত
ভগ্ন হৃদয়ৰ টুকুৰা কেইটা লৈ
লিখিম আধা ডজন কবিতা…

✍🏻ৰাহুল চেতিয়া
নিলখ পুৰ ধেমাজি

Post a Comment

Previous Post Next Post