স্খলন - শিখামণি বৰুৱা

সকলোতে দেখোন মানসিক স্খলন,
কি চৰিত্ৰ কি সম্বন্ধ
মাথো বিবেকহীন মানুহৰ পৰিচয়।
ৰোগাগ্ৰস্ত পৃথিৱীৰ মানুহ আজি
হৃদয়বোৰ যেন শিল হৈ পৰিল।
সেয়েহে আজি ডাচবিনতো শুনো
নৱজাতকৰ কান্দোন ।
হায় মানৱতা ! তোমাক বিচাৰি হাহাকাৰ জীৱন।
সকলোতে দেখোন মানসিক স্খলন।।
কি দৰে বাৰু হল জীৱশ্ৰেষ্ঠ মানৱ ?
হাহাকাৰ মোৰ মন দেখি এই জীৱন্ত বাস্তৱ।।
                     
✍️শিখামণি  বৰুৱা
ডিব্ৰুগড় চৌকিডিঙি।

Post a Comment

Previous Post Next Post