তুমি, মই আৰু আমি-মাৰ্জিনা বেগম

Rinku Rajowar
0
হয় মই ;
নহয় তুমি 
তৃতীয় ব্যক্তি বুলি কোনো নাই 
তুমি, মই , আমি লৈয়ে পৃথিৱী ,
 মই তোমাক ভাল পাওঁ 
তুমি মোক ভালপোৱা 
ভালপোৱাৰেই গঢ়া আমাৰ চৌপাশ ।
প্ৰেম অবিহনে জীৱন হাহাকাৰ 
মৰুভূমিত মৰীচিকা,
দুৰ্ভিক্ষ,
উফ! ভালপোৱা নহ'লে জানো
জীয়াব পাৰে মানুহ ?

আকাশত জোন জ্বলি
কিয় হয় জোনাকী নিশা?
ঢৌ তুলি সুমুদ্ৰই কিয় কৰে  গৰ্জন ?
কিয়  ফুল ফুলে , কিয়  উৰে
 পাখিলাহী পখিলা পাহে পাহে !
কিয় বাৰু  গুণগুণাই ফুলৰ কাণে কাণে ?
ফুলৰ বাগিছা ! এয়াতো ফুলসজ্জা 
অমৰ ভালপোৱাৰ ....
 চাৰিওফালে মাথোঁ প্ৰেমৰ চিহ্ন ,
প্ৰেমেৰ পৰশত  সৃষ্টি পৃথিৱীৰ
ঈশ্বৰ, প্ৰেমৰেই অন্য নাম 
প্ৰেমিক কৰি পূজো তাক ।

প্ৰেমৰ  ঈশ্বৰক মাতো "তুমি" বুলি  
এয়াতো তুমিয়ে প্ৰিয় 
তুমিও মাতিবা মোক  "তুমি" ,
মই তুমি 
তুমি মই 
আমিয়েই  ভালপোৱাৰ পৃথিৱীত , 
সুন্দৰ এই পৃথিৱী মাথোঁ 
তোমাৰ মোৰ আৰু আমাৰেই ।

◾মাৰ্জিনা বেগম 
 বৰপেটা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)