ভালপাওঁ আপোনাক - চিন্ময় বৰা

©Admin
0
ভালপাওঁ আপোনাক
আপোনাৰ অজ্ঞাত সাৰেই
আপুনি হয়তো নাজানে। 
আপুনি হয়তো নাজানে
আপোনাৰ আগমনত
ফুলি উঠে মোৰ পদূলিৰ শেৱালি,
আপুনি হয়তো নেদেখে
আপোনাৰ কাজলসনা দুচকুত
কেনেকৈ জী উঠে মোৰ বুকুৰ ভালপোৱাখিনি , 
অথচ ভালপাওঁ আপোনাক। 

কেতিয়াবা আহিব মোৰ চহৰলৈ
তল সৰা শেৱালিও সেইদিনা হৈ উঠিব দলিচা,
দুবৰিৰ নিয়ৰে তিয়াই নিব আপোনাৰ দুভৰি
শীতৰ কোমল বতাহ জাকে কঢ়িয়াব শুভ্ৰতা, 
এক বিশাল আয়োজন হ'ব আপুনি অহাৰ
অথচ আপুনি যদিও নুবুজে হৃদয়ৰ ভাষা 
আপোনাৰ অজ্ঞাত সাৰেই মই ভালপায় যাম আপোনাক।

✍️চিন্ময় বৰা। 
বিশ্বনাথ চাৰিআলি। ( চতিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)