জ্ঞানৰ জ্যোতি-শান্তনু হাজৰিকা

©Admin
0
জ্ঞানৰ জ্যোতিৰে উজ্বলাই তুলিলে 
আমাৰ এই আলসুৱা জীৱন,
সঠিক পথৰ পৰিচয় কৰালে
পুলকিত হ'ল এই মন ।
দুখনি হাতেৰে জ্ঞানৰ মালা গাঁঠিলে
সজ্জিত কৰিলে আমাক,
জীৱন বাটৰ ভিন্ন জ্ঞান দিলে
সুখ-দুখৰ দিলে আভাস।
মৰহিব নিদি প্ৰতিজোপা ফুল
তুলিলে আলফুলে ফুলাই,
এইয়ে আমাৰ পৰম শিক্ষাগুৰু
অমূল্য জ্ঞানৰ পোহৰ বিলায়।
প্ৰকৃত মানুহ হ’বলৈ  শিক্ষা দি 
কৰিলেহি আমাক ধন্য,
সেয়ে শতকোটি প্ৰণাম যাচিছোঁ 
নোৱাৰোঁ দিব এই জ্ঞানৰ মূল্য।
                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)