শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক
প্ৰণাম জনাইছো চৰণত;
পোহৰ দিশৰ সঠিক পথ পদৰ্শক তুমি
জ্বলি জ্বলি জ্ঞানৰ সুবাস দিয়া ঢালি।
আনক কৰা উদ্দীপিত,
বিলাই জ্ঞানৰ পোহৰে
সমাজক কৰা আলোকিত;
তোমাৰ পৰশতেই জীপাল হৈ উঠে
শতজনৰ জ্ঞান পিপাসীৰ জীৱনী,
তোমাৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আজি আমি
ন আলোক পোহৰ সন্ধানী যাত্ৰী।
জোনাকী পৰুৱা হৈ জীৱনৰ অমানিশাত,
তুমি দিয়া জ্ঞানৰ পোহৰেৰে
জিনিব পাৰো আমি অগ্নি যুগৰ বিশাল সমৰত;
চকমাটিৰ শব্দতেই লুকাই আছিল তাহানিৰ
ভৱিষ্যত গঢ়াৰ সুন্দৰ বাণী,
তোমাৰ শিক্ষাৰ পোহৰে জীৱনৰ কেনভাচত
সফলতাৰ ৰং সিঁচিম আমি;
আন্ধাৰৰ ভেটা ভাঙি পোহৰৰ বুটা বাছিম
সেউজী ধৰা খনি আমিয়েই সঁজাই তুলিম।
অন্তৰৰ কোমল ৰঙৰ সুৱাসেৰে
শিক্ষক দিৱসৰ অফুৰন্ত শুভেচ্ছা
যাঁচিছো আমি শ্ৰদ্ধাৰে
যাঁচিছো আমি শ্ৰদ্ধাৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ