গুৰু তোমাক প্ৰণাম-পিংকী বৰা

©Admin
0
হে মহান, হে পুণ্যাত্মা
জ্ঞানৰ কাণ্ডাৰী তুমি,
অপৰিসীম ধৈৰ্য্যৰ অধিকাৰী।
ছাত্ৰক জ্ঞানৰ ভৱিষ্যত গঢ়াৰ 
সঞ্জীৱনী মন্ত্ৰ তুমি 
গুৰু তোমাক প্ৰণাম।।


প্ৰেম, শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱাৰে
শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত,
শত কোটি বাৰ কৰোঁ নমস্কাৰ
নিজে জ্বলি আমাক দিলা তুমি 
জ্ঞানৰ জ্যোতিৰে পোহৰাই
গুৰু তোমাক প্ৰণাম ।।


শিক্ষাৰ বৃত্তিৰে ৰচিম আমিও আমাৰ যাত্ৰা 
জগাই তুলিম আমাৰ সপোন বোৰক 
শিক্ষকতাৰ মহান দোলেৰে 
হাজাৰজনক কৰিলা মহীয়ন
অন্তৰৰ কোমল সুৱাসেৰে
জনাইছোঁ শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত
গুৰু তোমাক প্ৰণাম।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)