জোন ফট ফট- বিটুমনি কোচ

©Admin
0
অস্পষ্ট পোহৰত সংখ্যাত বাঢ়ি যোৱা চুলিতাৰি মেলি দিলে জোনাকীয়ে,
গাওঁখন কাঁহ পৰি জীন গৈছে
পাছ ৰাতি এই সময়কণ তাইৰ বাবে সাঁচতীয়া।
এখোজ আগুৱাই আহি তাই ৰৈ গ'ল।
বাঁহ গছ জোপাৰ পাতবোৰৰ মাজেদি সৰকি অহা জোনাকত তাই অনুভৱ কৰিলে।
দৈত্যৰ হাত এখনহে যেন তাইলৈকে আগবাঢ়ি আহিছে।দীঘল দীঘল আঙুলি।

দিনৰ পোহৰত দানৱ ৰূপী মানৱেই মোক ভয় দেখোৱাব নোৱাৰে,
তই মোৰ কি নোম লৰাবি!
জোনাকী আগবাঢ়ি গ'ল।
পদূলি মুখত ফুলি থকা বকুল জোপাৰ কাষলৈ।
জোনৰ পোহৰত বকুল ফুলে দুবৰিত পৰি সুগন্ধিৰ শৰাই পাতিছে।
বকুল ফুলৰ সুবাসত তাই মতলীয়া হৈ পৰিল।
চাৰিওফালে এবাৰ চাই জোনাক খিনি মুঠি মাৰি ধৰিলে।

জোনটোৱে তাইলৈ চাই মিচিকিয়াই হাঁহিলে।
তাই দুই হাত মেলি উত্তৰ দিলে।
জোন ফট ফট জোনাকত 
তৰা ফুল ফুলে।
ফৰিং ফুটা জোনাকৰ ঢল,
ছাঁ পোহৰৰ খেল।
সেউজীয়া বিৰিখত জোনাকবোৰ
উফঁৰি পৰিছে,
জুৰ মলয়াত উপঙি ফুৰিছে
ফুলৰ সুবাস।

বহুত দিনৰ মূৰত তাই এফাঁকি কবিতা গালে।
স্মৃতিৰ টোপোলাটো এবাৰ চুই চোৱাৰ হেঁপাহত তাই আগবাঢ়িল পুৰণি দলংখনৰ কাষলৈ।
পুৰণি দলংখনৰ ঠাইত নতুন পকি দলং হৈছে।
কিন্তু তাই বান্ধি থোৱা স্মৃতিৰ টোপোলাটো পুৰণি দলংখনতেই উলমি ৰ'ল।

জোন ফট ফট জোনাকত
তৰা ফুল ফুলে,
ফৰিং ফুটা জোনাকৰ ঢল।
      
আঁতৰৰ পৰা কোনোবাই তাইক লগে লগে আওৰাই গৈছে।
বুকুখন তাই ঢপং কৰি উঠিল।যদিও অভ্যাসৰ ওচৰত হাৰ মানিবলৈ নিবিচাৰিলে।

কোন কুকুৰ ঐ এইটো।
জোনাকীক জোঁকাৰি ল'বলৈ সাহ কৰিছ।

জোন ফট ফট জোনাকত
তৰা ফুল ফুলে।

এটা অস্পষ্ট পুৰুষৰ ছায়াই তাইক উপলুঙা কৰি গাবলৈ ধৰিলে।মুখত যিমানেই সাহস নেদেখুৱাওক নাৰীৰ মনৰ ভিতৰত থকা ভয়টোৱে তাইক হেঁচা মাৰি ধৰিলে।
ঘৰলৈ বুলি উভতি দৌৰিবলৈ খুজিছে।
হঠাৎ কেচুঁৱাই কন্দা মাতত তাই থমকি ৰ'ল।
বৰকৈ কান্দিছে।
এই নিজান ৰাতি কোন দুৰ্ভগীয়া মাতৃয়ে কাৰ পাপ এই ঠাইত এৰি গৈছে।

তোমাৰ দৰেই কোনোবা দুৰ্ভগীয়া মাতৃ।

সেই পুৰুষৰ কণ্ঠস্বৰ ভাঁহি আহিল।তাইৰ অতীতক সোঁৱৰাই দি সেইজনে ক'লে।

পলম নকৰিবা,যোৱা কেচুঁৱাটো লোৱাগৈ।

তাই কেচুঁৱাৰ কন্দা মাত অনুকৰণ কৰি দৌৰিবলৈ ধৰিলে।
কেনেকৈ যে তাই দলংখনৰ তললৈ সোমাই গ'ল,গমকেই নেপালে।গাতৰ ভিতৰৰ পৰা,টুকুৰা টুকুৰ কিছুমান মাংসপিণ্ড ওলাই আহিল।আৰু তাই চাৰিওফালে ঘূৰি ঘূৰি মা-মা বুলি চিঞৰিবলৈ ধৰিলে।

মই বৰ কষ্ট পাইছোঁ মা..
মোক কিয় মাৰি পেলালি?
মই তোৰ সন্তান!!
মোক এবাৰ মনত নপৰেন?মাংস পিণ্ড টুকুৰা কেইটাই কান্দিবলৈ ধৰিলে,
জোনাকীৰ মনত পৰিল।বলাৎকাৰীৰ পাপ বুলি ৫ মহীয়া পেটৰ সন্তানটো পেটতেই মাৰি দলংৰ তলত পুতি থৈছিল।
গাঁৱৰ ৰাইজে কথাটো গম পালে কি হ'ব!
সেই ভয়ত সত্য ঘটনাটো লুকুৱাই সন্মানেৰে জীয়াই থাকিবলৈ লৈছিল।
যদিও মাতৃ হৃদয়ত একুৰা জুই দপদপাই জ্বলি আছিল।

মোৰ ফালে চা
মোৰ ফালে চা,
কিছুমান বিভস্য পুৰুষ মহিলাই তাই চাৰিওফালে ঘূৰি ঘূৰি চিঞঁৰিবলৈ ধৰিলে।
কাৰোবাৰ চকু নাই,
কাৰোবাৰ ভৰি হাত একো নাই।তাই কপি থকা হাত দুখনে চকু দুটা মুদিবলৈ লৈ হাত দুখন লৰচৰ কৰিব নোৱাৰিলে।

এই জনী মোৰ মা নহয়;ৰাক্ষসী।
মই তোক মাৰি পেলাম।
মাংস পিণ্ডবোৰ তাইৰ কাষলৈ দৌৰি আহিল।
মোৰ কি ভুল আছিল?
মোক কিয় কষ্ট দিলি??
মই কান্দি থাকোঁ
তই শুনা নাপাৱ!!
তই ৰাক্ষসী।

স্তব্ধ ম্ৰিয়মান জোনাকীয়ে মাথোঁ ভাবিলে, 
পাপ ঢালি আঁতৰি যোৱা সেই পাপীকো তই প্ৰতিশোধ ল'বি।মুহূৰ্ততে তাইক আচ্ছন্ন কৰি মাংস পিণ্ডবোৰে গাতৰ ভিতৰলৈ তাইক লৈ গ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)