আইৰ বাবে-হিমশিখা সন্দিকৈ

Rinku Rajowar
0
মোৰ হাতত এপাহ 
সতেজ গোলাপ
আইৰ হাতত 
তেজৰ দাগ
মোৰ চকুত ভবিষ্যতৰ
সোণালী বাট
আইৰ বুকুত কৰাল মাৰি থাকে
নীলা বিষাদ
চকুলোৰ বোৱঁতী সোঁতত
উটুৱাই দে আই 
হৃদয়ত সাঁচি ৰখা‌ বেদনাৰ টোপোলা
মোৰ দুহাতৰ সমস্ত সেউজীয়া
সজাব বিচাৰোঁ আজি
তোৰ কোলাত ।

                          ◾হিমশিখা সন্দিকৈ,
                           ডিব্ৰুগড়,অসম ।
                            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)