আমি আৰু আমাৰ স্বাস্থ্য-ৰঞ্জু গায়ন (বৰুৱা )

©Admin
0
স্বাস্থ্যই পৰম সম্পদ বুলি এষাৰ কথা আছে।প্ৰকৃততে মানুহৰ সকলো ধন-সম্পত্তিৰ তুলনাত  স্বাস্থ্যই সবাতোকৈ প্ৰয়োজনীয়৷ শৰীৰ সুস্থ হৈ বা বেমাৰ নোহোৱাকৈ থকা অৱস্থাটোকে স্বাস্থ্য বোলা হয়৷স্বাস্থ্যই হৈছে সকলো আনন্দৰ উৎস৷স্বাস্থ্য আনে দিব পৰা বস্তু নহয়।স্বাস্থ্য নহ’লে বহু ধন-সম্পত্তি বা পঢ়াশুনা থাকিলেও মিছা হৈ পৰে গতিকে  স্বাস্থ্যই আমাৰ পৰম সম্পদ বুলি কোৱা হৈছে৷

স্বাস্থ্য ভালে ৰখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল নিয়মীয়তা৷ নিয়মীয় খাদ্য,নিয়মীয়াকৈ শোৱা উঠা বা অন্যান্য কাম কৰাটো দৰকাৰী।স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে মানুহে কিছুমান নিয়ম মানি চলিব লাগিব আৰু সংযমী হ’ব লাগিব৷এলাহ কৰাটো বা কোনো পৰিশ্ৰম নকৰাটো স্বাস্থ্যৰ কাৰণে  ক্ষতিকাৰক৷ সেই বুলি অতি পৰিশ্ৰম কৰাটো  স্বাস্থ্যৰ পক্ষে হানি কাৰক  আৰু অতি লোভত পৰি বেচিকৈ খোৱা বা অখাদ্য খালে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে।তদুপৰি  পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলা অতি দৰকাৰী৷

আমি পিন্ধা কাপোৰ-কানি,খোৱা খাদ্য বা বাচন সমূহ সদায়ে পৰিস্কাৰ কৰি লোৱা উচিত।
মুঠতে ঘৰৰ চৌপাশ সদায় পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকাটো প্ৰয়োজনীয়।কিয়নো প্ৰায়বোৰ বেমাৰ-ব্যাধি লেতেৰা পৰিৱেশৰ বাবেই বিয়পে৷সু- স্বাস্থ্যৰ বাবে নিয়মিত শাৰীৰিক, মানসিক পৰিশ্ৰমৰ দৰকাৰ।ইয়াৰ বাবে মানুহে খেলা-ধূলা কৰাটো অতি প্ৰয়োজনীয়।খেলৰ জৰিয়তে মানুহে দৈনিক আৰু মানসিকভাৱে লাভবান হয়৷সেয়ে আজৰি সময়ত ছাত্ৰ-ছাত্ৰীসকলে  খেলা-ধূলা কৰাটো ভাল অভ্যাস।
                   ইয়াৰ উপৰিও প্ৰত্যেক ব্যক্তিয়ে খাদ্যপ্ৰাণ যুক্ত খাদ্য আৰু বীজাণুমুক্ত পানী খাব লাগে কাৰণ পানীৰ পৰা বিভিন্ন বেমাৰ বিয়পিব পাৰে।খাদ্য আৰু পানীৰ ওপৰত  মানুহৰ স্বাস্থ্য বহুখিনি নিৰ্ভৰ কৰে৷স্বাস্থ্যই আমাক দীৰ্ঘায়ু কৰে স্বাস্থ্যই আমাক শক্তি,সুুখ আৰু আনন্দ দিয়ে৷কাম কৰাৰ প্ৰেৰণা দুগুণে বঢ়াই  আৰু উদ্যমী কৰি তোলে।সেয়েহে স্বাস্থ্যৰ উন্নতিৰ বাবে চৰকাৰ আৰু জনসাধাৰণ  সদায়ে সজাগ হোৱা উচিত।স্বাস্থ্যৰ ভাল নহ’লে দেশৰ উন্নতি আশা কৰিব নোৱাৰি৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)