স্বাগতম - ৰাহুল চেতিয়া

©Admin
0
হে নৱ পুৰুষ
আদৰণি জনাইছোঁ তোমাক
কঢ়িয়াই লৈ আহা যেন
সুখ,শান্তি সমৃদ্ধিৰ
এক নতুন যুগৰ পাতনি
সুখ বোৰ বুটলি 
হাঁহিময় কৰি তোলক
সকলোৰে জীৱন।

বিদায় হে প্ৰস্থানগামী পুৰুষ
অনুগ্ৰহ কৰি আকৌ 
নাহিবা উলটি তুমি 
নিলিখিবাহি মহামাৰী
হত্যা,লুণ্ঠন,ধৰ্ষণ,অপহৰণ, ধনদাবী
কত কি মুখা পিন্ধা
দানৱৰ ধ্বংসী কাহিনী।
জীপাল হ'বলৈ দিয়া
শত জনৰ আশা-ভৰসা,
সতেজ হ'বলৈ দিয়া
 হৃদয়ৰ শুকান পাতখিলা
 নিয়ৰত আজি তিতিবলৈ দিয়া…
গোপনে, নিৰৱে তাক 
টোপ টোপ কৈ
নিয়ৰৰ টোপালত
জীপাল হ'বলৈ দিয়া
ভালপোৱা বোৰেও 
জিৰণি লৈ
প্ৰতিজন ব্যক্তিক হৃদয়বান কৰক
নিয়ৰ সনা পুৱাৰ
নৱ স্বপ্ন,নৱ আশা প্ৰেৰণাই
সকলোৰে জীৱন আলোকিত কৰক।।

✍️ৰাহুল চেতিয়া
নিলখপুৰ ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)