জীৱন আৰু বাস্তৱতা-আব্দুল কাদেৰ মিঞা

©Admin
0
প্ৰতিজন মানুহৰ জীৱনটো এটা কঠিন বাস্তৱ।জীৱনটোত এনেকুৱা হয় কেতিয়াবা হাঁহি , কেতিয়াবা কান্দোন , কেতিয়াবা পোৱাৰ আনন্দ আৰু কেতিয়াবা হেৰুৱাৰ বেদনা । ইয়াৰ মাজতেই পাৰ কৰিব লগীয়া হয় জীৱনৰ বহু সময়।
আমি সকলোৱে বাস্তৱ জীৱনত ক'ৰবাত শুদ্ধ আৰু ক'ৰবাত ভুল ভাৱেই জীৱন নাটৰ ভাওনাত নাও মেলি দিছোঁ।
কেতিয়াবা জীৱনৰ ৰঙীণ সপোনবোৰ বাস্তৱত ৰূপ দিব নোৱাৰাত আমি হতাশা আৰু বিষাদেৰে সময়বোৰ পাৰ কৰোঁ।
এই চুটি জীৱনটোক লৈ কেতিয়াবা অতিষ্ঠ হৈ পৰিব লগীয়া হয়।কিবা নোপোৱাটোৱেই জীৱনৰ শেষ নহ'বও পাৰে।
আচলতে জীৱন যদি নাথাকিলেহেঁতেন আমি জানো বাস্তৱ অনুভৱ কৰিব পাৰিলোহেঁতেন !
জীৱনটো এটা যুগৰ বিন্দু মাত্ৰ ক্ষণ।
চকুৰ পলকতে শেষ হৈ যোৱা ধূলিকণা সদৃশ এটি একক।
জীৱনৰ সময়ছোৱা এক অলৌকিক গতি , যাৰ কোনো নিশ্চয়তা নাই।
সেইবাবে কল্পনাহীন ধুমুহাই যাতে তচনচ কৰি সাৰ নোহোৱা কৰি পেলোৱাৰ আগতে নিজকে স্থায়ী ৰূপ দিব লাগে যাতে নিজৰ অস্তিত্ব অক্ষুণ্ণ থাকে আৰু সপোন সাগৰত ডুব গৈ দেখা  সপোনক বাস্তৱ ৰূপ দিব পাৰে।
বিপদৰ পৰা পলাই জীৱনত সফলতা লাভ কৰাতকৈ বিপদক নিজৰ সাধ্যানুসৰি প্ৰতিহত কৰি সফল হোৱা জনহে প্ৰকৃত সফল ব্যক্তি।
ডা: এ , পি , জে আব্দুল কালাম কৈছিল- " সকলো চৰাইয়ে বৰষুণত গছৰ ডালত আশ্ৰয় লয়। কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে"।
সমস্যাবোৰ একেই কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে।
জীৱনলৈ কেতিয়াবা সমস্যা আহিলে বহুতেই ভাৱে যে জীৱনৰ সকলোখিনি শেষ হৈ গ'ল।
আচলতে সমস্যায় জীৱনটোক পূৰঠ কৰি তোলে।
সমস্যায় জীৱনটোক অভিজ্ঞতাৰে সৈতে এটি নতুন পাঠৰ শিক্ষা দিয়ে।
যি পাঠৰ শিক্ষাই বাস্তৱ জীৱনত আগুৱাই যাবলৈ প্ৰেৰণাৰ লগতে সাহস দিয়ে। সেয়েহে জীৱনলৈ অহা সমস্যাৰ সম্মুখীন হ'বলৈ সদায় প্ৰস্তুত থাকিব লাগে। ইয়াৰ পৰা কেতিয়াও পলাব নালাগে।
জীৱনটো ক্ষন্তেকীয়া সেইকাৰণে বাস্তৱ জীৱনত সকলো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন। 
ক্ষণিক জীৱনটোক সুন্দৰ কৰি তুলিবলৈ জীৱনৰ প্ৰতিটো পল ৰসিকতাৰে ভৰাই তুলি উপভোগ কৰিব লাগে।
জীৱনত কি পালোঁ , কি নাপালোঁ সেয়া ভাৱি থাকি কোনো লাভ নাই। বৰ্তমান আৰু অনাগত দিনবোৰত সময়ক  সঠিক ব্যৱহাৰ কৰি নোপোৱাবোৰক পাবলৈ চেষ্টা কৰিব লাগে।
জীৱনটো আমাৰ নিজৰ আৰু জীৱনটো নিজ ইচ্ছাৰে সজাই লোৱাৰ অধিকাৰ সকলোৰে থাকে।  নিজৰ সপোনৰ ওচৰত কেতিয়াবা বয়সে বাধা দিলেও জীৱনত কৰিবলৈ ইচ্ছা থকাখিনি কৰিব লাগে। তেতিয়াহে অত্মাই শান্তি অনুভৱ কৰে।
জীৱনটো নিজৰ বুলি ক'বলৈ এবাৰ হে পোৱা যায়। একমাত্ৰ জীৱনটোক নিজৰ মতে নকৰি আনৰ আঙুলিৰ মূৰত নাচিবলৈ লাগিলে জীৱনটো নাটকতেই শেষ হ'ব। গতিকে সদায় নিজস্বতা বজাই ৰাখি জীৱনটো আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে। চেষ্টাৰে নিজৰ জীৱনটো যিমান আগুৱাই ল'ব পাৰিব সিমানেই সন্তুষ্ট থাকিব পাৰিব।
সকলো সময়ত জীনৱটোক আনৰ লগত তুলনা কৰিব নালাগে।
তুলনায় সদায় মনৰ মাজত অশান্তিৰ সৃষ্টি কৰে।
জীৱনটোক সকলো সময়তে  আগবাঢ়ি ৰাখিব লাগে যাতে আপোনাৰ মৃত্যুৰ পিছত বহুজনে অপূৰণীয় ক্ষতি বুলি ব্যক্ত কৰে। এয়া হ'ল জীৱনৰ প্ৰকৃত ৰূপ।
নিজক যেতিয়া বহুজনৰ অন্তৰত সোমোৱাই ল'ব পাৰিব তেতিয়াই জীৱনত সফলতা আহিব।
ফুল যিমানেই ধুনীয়া নহওক কিয় , প্ৰশংসা সুগন্ধৰ পৰাহে লাভ কৰে।
মানুহ যিমানেই ডাঙৰ নহওক কিয় , প্ৰশংসা সকলোৱে গুণৰ পৰাই কৰে!
বেয়া সময়ত জীৱনে কন্দুৱায় কিন্তু বহু কিছু শিকাই থৈ যায়।
জীৱনত সেই সকল মানুহৰ লগত নাথাকিবা যিয়ে কিছু সময়ৰ বাবে তোমাক সুখ অনুভৱ কৰায়। সেই সকল মানুহৰ লগত সময় অতিবাহিত কৰিবা যিয়ে তোমাৰ সুখ চাই হাঁহি থাকে।
জীৱনত সকলো বস্তুৱেই কিনিব পৰা যায় কিন্তু হাঁহি কাৰো গোলাম নহয়। নিজৰ ওপৰত বিশ্বাস ৰাখি সকলো কৰ্মক সন্মান কৰি জীৱনটোক আগুৱাই লৈ যাওক তেতিয়াই বৰ্তমান আৰু ভৱিষ্যত সুন্দৰ হৈ উঠিব ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)