বন্ধুত্ব - আব্দুল কাদেৰ মিঞা

ভাল-বেয়া , দুখ-সুখ সকলো বিপদৰ কথা মুকলিকৈ ক'ব পৰা জনেই হ'ল প্ৰকৃত বন্ধু ।
মানুহৰ জীৱনত এনেকুৱা এটা সময় আহিব পাৰে যে নিজৰ মনৰ কথাবোৰ ক'বলৈ মানুহ নাথাকে। তেতিয়া এই বন্ধু-বান্ধবীৰ মাজত কথাবোৰ কৈ নিজৰ অন্তৰখনক শান্ত কৰিব পাৰে।ৰক্তৰ সম্পৰ্ক নাথাকিলেও বন্ধুত্ব এনেকুৱা এটা বন্ধন যি আমি বিচাৰিলেও শেষ কৰিব নোৱাৰোঁ, কাৰণ বন্ধুত্ব আমাৰ অন্তৰৰ পৰা সৃষ্টি
 হয়।বন্ধুত্বৰ কোনো জাতি - ধৰ্ম -বৰ্ণ নাই, এই সম্পৰ্ক কেৱল দুজন ব্যক্তিৰ মনৰ মিল আৰু দুজনৰ মাজত গঢ়ি উঠা আপোন ভাৱেই হ'ল বন্ধুত্বৰ চিনাকি।বন্ধুত্ব ল'ৰা -ছোৱালী, হিন্দু, মুছলমান, খ্ৰীষ্টান,শিখ যিকোনো ধৰ্মৰ যিকোনো বয়সৰ লোকৰ সৈতে হ'ব পাৰে।বন্ধুত্ব চিৰযুগমীয়া আৰু এক বুজাব নোৱাৰা সম্পৰ্ক।কেতিয়াবা বন্ধু লগত থাকিলে সহজ হৈ পৰে জীৱনৰ জটিল সময়, আৰু সমস্যাবোৰো।বন্ধুত্ব হ'ল মানৱ সমাজৰ আৰম্ভণিৰে পৰা চলি অহা এটা ডাঙৰ প্ৰথা ।
Friend (বন্ধু) এই আৰ্টিকেলটোৰ জড়িয়তে আমাৰ জীৱনত বহুতো কিছু সূচনা হৈ আছে।ভগৱানকে আদি কৰি ঋষি, মুনি, ৰজা- মহাৰজা, ধনী-দুখীয়া, মধ্যবিত্ত সকলো সম্প্ৰদায়ৰ মানুহে অতীতৰে পৰা বন্ধুত্বৰ বান্ধোনেৰে চলি আহিছে।
আমাৰ জীৱনত বন্ধু-বান্ধবী থকাটো কোনো দোষ নহয়, কিন্তু সঠিক ব্যক্তিৰ লগত বন্ধুত্ব কৰিব পাৰিলেহে জীৱন ধন্য বুলি ক'ব পাৰোঁ।
অতীতৰ জ্ঞানী-গুণী সকলৰ দৰে বৰ্তমান যুৱক-যুৱতীৰ নিচিনা বন্ধু আছিল যদিও তেওঁলোকৰ বন্ধুত্ব আছিল সৎ মানৱদৰদী , হিংসা-বিদ্বেষ নথকা কিন্তু আজিৰ সময়ত বন্ধুত্বৰ কাৰণে যেন কাৰোবাক মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু কাৰোবাক বিভিন্ন সমস্যাৰ লগত জড়িত হৈ বন্ধু নামৰ সম্পৰ্ক পাহৰিব লগা হৈছে।আজিও কিছু সৎ বন্ধু - বান্ধবী আমাৰ সমাজত আছে বাবেই আমি বন্ধু সম্পৰ্কৰ লগত জড়িত হৈ আছোঁ।জন্মৰ পিছত মাতৃক বন্ধু বুলি পাইছোঁ,বয়সৰ পৰিৱৰ্তনে দেউতা,ভাই,ভনী পৰিয়ালৰ সকলো ব্যক্তিৰ লগত এক নিবিড় বন্ধুত্বৰ ভালপোৱাৰ মাজত জীৱনৰ প্ৰতিটো সুখ - দুখৰ মুহূৰ্ত অতিক্ৰম কৰি আহিছোঁ।
শৈশৱ কালত বন্ধুত্বৰ মাজত যেন কোনো সময়ত হিংসা , কাৰো প্ৰতি শত্ৰুতাৰ ভাৱ জন্ম হোৱা নাছিল ।কেতিয়াবা বন্ধুৰ ভালপোৱাৰ মাজত পাহৰি গৈছিলোঁ পৰিয়ালৰ কথা, খোৱা- বোৱাৰ কথা, শাৰীৰিক সমস্যাৰ কথা আৰু বহুতো।বয়স বাঢ়ি আহাৰ লগে লগে মনলৈ উভতি আহে সেই তাহানিৰ কথাবোৰ আকৌ যদি উভতাই আনিব পাৰিলোহেঁতেন শৈশৱৰ সেই মৰমৰ বাগিচাত ফুলি উঠা নাম নজনা এটি এটি ফুলৰ কোমল কলিৰ কথা ।বন্ধুৰ লগত বগৰী গছৰ তলৰ সেই মনোমোহা দৃশ্যৰ কথা,
স্কুলৰ সময়ত মোৰ কাৰণে উপেক্ষা কৰা সেইজন বন্ধুৰ কথা,বৰষুণত বন্ধুৰ লগত কৰা সেই ধেমেলীয়া নৃত্য আজি ক'ত হেৰাই গ'ল ?
হেৰাই গ'ল লৰালিৰ সোণালী সপোন য'ত সৃষ্টি হৈছিল বন্ধুত্বৰ অসংখ্য ধেমেলীয়া হাস্যকৰ নাটকীয় দৃশ্য।
আজি সময়ে কাঢ়ি লৈছে জীৱনৰ পৰা বহু মূল্যৱান বন্ধু আৰু বন্ধুত্বৰ নিবিড় ভালপোৱা । কোনো স্বাৰ্থ নথকা সেই বন্ধুত্বৰ ভাল পোৱা আজি ধনৰ বিনিময়ত উভতাই আনিব নোৱাৰা পৰিস্থিতি।দুখত ছাঁ দিয়া আৰু সুখত লগ দিয়া জনেই হ'ল বন্ধু।বহুতেই বন্ধুত্বক অক্সিজেন বুলি কয়।এক শ্বাশ্বত অনুভূতি বন্ধুত্ব ।
আনহাতে একাংশই কয় হৃদয়ৰ সমস্ত গোপন কথা প্ৰাণ খুলি আপুনি যাৰ আগত ক'ব পাৰে তেৱে বন্ধু।সময়ত অভিভাৱক আৰু সময়ত একেলগে দুষ্টামি কৰা জনেই বন্ধু।বন্ধুৰ মাজত পোৱা যায় এক অদ্ভূত শক্তি ।সময় আৰু পৰিৱেশ সদায় সলনি হয় কিন্তু ভাল বন্ধু কেতিয়াও সলনি নহয়।"জীৱনত তিনিটা বস্তু খুবেই দামী 
বিশ্বাস, বন্ধুত্ব আৰু ভালপোৱা।" আৰু এই তিনিটা বস্তু কেৱল বিনা স্বাৰ্থত এজন বন্ধুৰ পৰাই পোৱা যায় আৰু এই তিনিটাৰ পৰাই সৃষ্টি হৈছে বন্ধুত্ব নামৰ সুখৰ নিজৰা। এজন প্ৰকৃত বন্ধু দুষ্ট চক্ৰৰ দ্বাৰা বিপথে গৈ আছে তেতিয়া তুমি অভিভাৱক হৈ সেইজন বন্ধুক শাসন কৰিব পাৰিবা কাৰণ তোমাৰ বন্ধুত্বৰ ওপৰত গভীৰ বিশ্বাস আছে।
বৰ্তমান সময়ত টকাৰ বিনিময়ত তুমি বন্ধু ক্ৰয় কৰিব পাৰিবা কিন্তু সেইজন বন্ধুৰ পৰা কেতিয়াও ভাল ফল তোমাৰ জীৱনলৈ নাহিব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হে পাবা।
বৰ্তমান সময়ত বুকু ভৰ্তি বন্ধুত্ব নহয় পকেট ভৰ্তি টকাতহে বন্ধুত্ব পোৱা যায় !
কিছু সংখ্যাক স্বাৰ্থপৰ বন্ধুৰ কাৰণে গোটেই বন্ধুত্ব জগতখন আজি অপমানিত হৈ আছে।ইয়াৰ কাৰণ সভ্য সমাজৰ মুখাধাৰী কিছু বন্ধু আমাৰ জীৱনত ভাল ব্যৱহাৰ , মিঠা কন্ঠৰ মাতেৰে আমাক মোহিত কৰি তেওঁৰ প্ৰতি বিশ্বাসৰ সমুদ্ৰ সৃষ্টি কৰি প্ৰতিটো মুহূৰ্তৰ বাৰ্তা লৈ থাকিব , আমাৰ জীৱনৰ গোপনীয় তথ্য আহৰণ কৰি সুযোগ পালে আনৰ আগত প্ৰচাৰ কৰিব, স্বাৰ্থ শেষ হোৱাৰ পিছত কিবা নহয় কিবা দোষ আমাৰ ওপৰত অৰ্পণ কৰি চিৰতৰে গুচি যাব। স্বাৰ্থপৰ বন্ধুৰ অন্তৰত কেতিয়াও বন্ধুত্বৰ ভালপোৱাৰ সৃষ্টি নহয় আৰু তেতিয়া বন্ধুত্বৰ প্ৰতিটো মুহূৰ্তৰ কথা আমাৰ অন্তৰত ভাহি উঠিব আৰু নিজকে অসহায় বুলি অনুভৱ হ'ব । যি জন বন্ধুৰ কাৰণে তুমি চকুলো টুকিবা সেইজন বন্ধুৱে তোমাৰ কথা এবাৰো অনুভৱ নকৰিব।
বন্ধুত্বৰ বিচ্ছেদ কিমান কষ্টদায়ক এজন প্ৰকৃত বন্ধুৱেহে অনুভৱ কৰিব পাৰে।
তোমাৰ জীৱনত ইমান বন্ধুৰ প্ৰয়োজন নাই বন্ধুৰ নিচিনা বন্ধু হ'লে এজনেই যথেষ্ট।
যদি বন্ধুত্ব কৰা কৃষ্ণৰ দৰে কৰিবা যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে আৰু বন্ধুত্ব কৰিলে কৰ্ণৰ দৰে কৰিবা যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।
প্ৰকৃত বন্ধুৰ সম্পৰ্কত কোনো পক্ষই স্বাৰ্থৰ প্ৰতি নজৰ নিদিয়ে।এজন বন্ধুৰ ওচৰত তোমাৰ প্ৰতি যেতিয়া অৱহেলাই ৰাজত্ব কৰিব তেতিয়া তোমাৰ বন্ধুত্ব তাত মূল্যহীন হৈ পৰিব আৰু লাহে লাহে বন্ধুত্ব হেৰাই গৈ থাকিব । তেনে অৱস্থাৰ সন্মুখীন হোৱাৰ আগতে নিজকে সেই জন বন্ধুৰ পৰা আঁতৰি থাকিব লাগিব।বন্ধুত্বৰ আৰম্ভণিতে মানুহে বন্ধুৰ কাৰণে জীৱন পৰ্যন্ত দিবলৈ সাজু হয় কিন্তু বন্ধুত্বৰ স্বাৰ্থ শেষ হ'লে মানুহে সময় অলপমান দিবলৈ টান পায়।মিছা বন্ধুত্ব আৰু নৈ পাৰৰ বালি ঘৰ দুয়োটা একেই, বেছি দিন বৰ্তি নাথাকে।

অপ্ৰিয় সত্যক বেছি গুৰুত্ব দিলে বন্ধুত্ব সস্তীয়া ভাবি লয় আৰু কিবা ৰহস্য আছে বুলি অনুভৱ কৰে।সুখৰ সময়ত সকলোকে Friend(বন্ধু) বুলি কাষত পাবা কিন্তু দুখৰ সময়ত সকলোৱে Unfriend কৰি গুচি যাব।যিজন বন্ধুয়ে সহজেই সকলো বন্ধুক আপোন কৰি লয় প্ৰকৃততে তেঁৱেই বেছি কষ্ট পায়।সুখৰ সময়ত বন্ধুৰ প্ৰয়োজন আছে । দুখৰ সময়ত বন্ধুৰ প্ৰয়োজন আছে । যিয়ে সুখ আৰু দুখত সংগ দিয়ে তেঁৱেই আচল বন্ধু ।
      সকলো ভালপোৱা প্ৰেম নহয় কিছু ভালপোৱা বন্ধুত্ব হয় । বন্ধু সেই জন নহয়, যি জনে প্ৰয়োজনত তোমাক ব্যৱহাৰ কৰে,বন্ধু সেই জন যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হ'লেও তোমাৰ কাষত থাকে ।‌ বন্ধুত্ব এটা সম্পৰ্ক নহয় ,ই শৰীৰৰ এটা অংগ বুলি ক'ব পাৰি । বৰ্তমান সময়ত বন্ধুত্বক লৈ চলচিত্ৰ জগতত বহু ছবিও নিৰ্মাণ হৈ আছে।যাৰ দ্বাৰা আমাৰ সমাজৰ প্ৰতি জন মানুহৰ মাজত বন্ধুত্বৰ ভালপোৱা সম্পৰ্ক চিৰ যুগমীয়া কৰি ৰাখিবলৈ চলচিত্ৰ জগতে আমাৰ মাজত এক ডাঙৰ বাৰ্তা দি আছে।কিছু প্ৰকৃত বন্ধুৰ মতে.
"অকলশৰীয়াভাৱে পোহৰৰ মাজে মাজে খোজ কঢ়াতকৈ বন্ধুৰ সৈতে অন্ধকাৰৰ মাজে মাজে গৈ থকা বেছি ভাল" ।

ভাৰতৰ পুৰণি মহাকাব্য ৰামায়ণ,মহাভাৰততো সৎ আদৰ্শৱান চিৰবিশ্বস্ত বন্ধুৰ সুন্দৰ বৰ্ণনা পোৱা যায়।
প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপী পালন কৰা হয় আন্তৰ্জাতিক বন্ধুত্ব দিৱস। ১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল।যাৰ বাবে আমি প্ৰতি বছৰে পালন কৰি আছোঁ বন্ধুত্ব দিৱস।
বিজ্ঞান সন্মত জীৱন প্ৰণালীৰ দ্বাৰা এতিয়া Facebook‌, whatsapp , Twitter, instagram , messages box ত ভাহি অহা বন্ধুৰ এটা মেছেজেই হৃদয়ত অনাবিল আনন্দ দিয়ে । সময়ৰ পিছত সময় ব্যায় কৰি মনৰ আনন্দৰ কাৰণে বন্ধুৰ লগত মেছেজত আমি মগ্ন হৈ থাকোঁ। বন্ধুত্বৰ এই উমাল পৰশত সজীৱ হৈ থাকক সমাজৰ প্ৰতিটো সম্পৰ্ক। জাত-পাত ধনী-দুখীয়াৰ বিচাৰ পাহৰি সমাজ খনৰ সকলোৰে মাজত স্থাপন হওক বন্ধুত্বৰ সম্পৰ্ক।

✍️আব্দুল কাদেৰ মিঞা 

Post a Comment

Previous Post Next Post