ভালপোৱাৰ ঠিকনা বিচাৰি- লহৰজ্যোতি মৰাণ

©Admin
0
বাস্তৱতাৰ পৃথিৱীত বিচাৰি ফুৰোঁ
ভালপোৱাৰ প্ৰতিচ্ছবিৰ সঠিক ঠিকনা;
এইয়া চাগে ভৰ যৌৱনৰ সময় এইয়া চাগে গভীৰ প্ৰেমে আমনি কৰাৰ সময়;
নাজানো ভালপোৱা মানে কি? 
নুবুজো ভালপোৱা মানে কি? 
তথাপিওঁ তোমাক চিঞৰি চিঞৰি ক'বৰ মন গৈছে;
মোৰ ভালপোৱাৰ সঠিক ঠিকনা! 

সমান্তৰালভাৱে ভয়ো লাগিছে
জানোচা 
মই দিয়া সেই  ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিবা!
মই দিয়া ভালপোৱাৰ সঠিক ঠিকনা হয়তো তুমি বুজিও নুবুজাৰ ভাও ধৰিবা!
মনৰ মাজৰ গভীৰ ভালপোৱা হিয়া উজাৰি দিওঁ; 
সপোনৰ ৰং বোৰৰ মাজত বিচাৰি ফুৰোঁ ভালপোৱাৰ প্ৰতিচ্ছবি;
তথাপিও নোপোৱাৰ বেদনা 
এইয়াই চাগে ভালপোৱা;
এইবোৰেই চাগে ভালপোৱাৰ সংজ্ঞা!!



    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)