গৰ্ভ নষ্ট- আলতাব হুছেইন

©Admin
0
কি অপৰাধ কৰিছিলোঁ মা ? 
সময়ৰ আগত ভূমিষ্ঠ কৰি
সুন্দৰ ধৰণীখনৰ মুখ নেদেখুৱাই
জাৱৰৰ দমত দিলে দলিয়াই ।

এবাৰ নিষ্পাপ মুখখনিলৈ চাই 
কাউৰী , কুকুৰৰ  মুখৰ পৰা পৰিত্ৰাণ কৰি
গেলা - পচা জাৱৰৰ দমটোৰ পৰা তুলি
কোলাত লোৱা সন্তানৰ মৰম চেনেহ দি ।

তোমাৰ দৰে মোৰো আশা আছিল মা
সৌন্দৰ্য্যৰে ভৰা
পৃথিৱীখনৰ পোহৰ দেখিবলৈ ,কিন্তু
সময়ৰ আগত কিয় নষ্ট কৰি দিলা 
মোৰ এই সোণালী ভবিষ্যতৰ আশা।

মই তোমাৰ গৰ্ভতে আছিলো
খাই , শুই আনন্দতে
ভৱিষ্যতৰ সপোনলৈ চাই 
সময়ৰ আগত কৰি ভূমিষ্ঠ 
কিয় কৰি দিছা মোৰ
সোণালী জীৱনটোক ধ্বংস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)