সপোনৰ প্ৰিয়তমা তুমি
মৌপিয়াজনী হৈ বিলাই দিয়া
এটি সুগন্ধ মোৰ নাসাৰন্ধ্ৰত
য'ত সাৰ পাই উঠে কবিৰ জীয়া অনুভৱ
নিয়ৰে কঁপোৱা দুবৰিত ফুলি উঠে
শেৱালিৰ শুকুলা চাদৰ ,
তুমি আহিলে জীপাল হয়
ধৰাৰ এই বোকাময় পথ
তুমি আহিলে নদীৰ নগ্ন ঢৌবোৰো
কঁহুৱা হৈ ফুলি উঠে,
তোমাৰ পৰশ পাই
শাওণৰ পথাৰখনিও গৰ্ভৱতী হয়
কিম্বা ঢৌ খেলি ফুৰে
নীলিম আকাশত
শুকুলা মেঘবোৰে ,
নীড়মুখী শৰালীজাকো
শাৰী পাতি উৰি যায়
সুদূৰ দিগন্তলৈ
এই দোমোজাতে নৰ্টকীজনী হৈ
সকলোৰে মন-প্ৰাণ কাঢ়ে
দুৰ্গতিনাশিনী শাৰদীয় দুৰ্গোৎসৱে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ