চাকৰিয়াল মহিলাৰ সাজপাৰ- নীভা লয়িং

©Admin
0
খাবলৈ ভাল পালেং শাক, পিন্ধিবলৈ ভাল পাটৰ সাজ।
অসমীয়া মহিলাৰ চাদৰ-মেখেলাযোৰ অতিকৈ শুৱনি। এই কাপোৰ সাজক আমি কেতিয়াও এলাগী কৰিব নোৱাৰোঁ। ই আমাৰ সাতামপুৰুষীয়া সাজপাৰ। যিদৰে আমি বাহিৰৰ দেশ বা ঠাইত ফুৰিবলৈ গৈ ধুনীয়া দেশ অথবা সাজপাৰ দেখিলে আনন্দিত হওঁ যদিও, নিজৰ দেশ বা ঠাইখনৰ মোহ কেতিয়াও পাহৰিব নোৱাৰোঁ। ঠিক সেইদৰে আমাৰ সমাজৰ মহিলাৰ মেখেলা-চাদৰ সাজযোৰও, আমাৰ মনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰোঁ।
অসমীয়া চাকৰিয়াল মহিলাই অৱশ্যে আজিৰ যুগত বিভিন্ন দেশ তথা ঠাইত নিয়োগ হৈ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছে। সাজপাৰৰ ক্ষেত্ৰত সেয়ে পৰম্পৰাগত পোছাক-পৰিচ্ছদৰ উপৰিও, সেই দেশ বা ঠাইৰ বাতাবৰণ অনুযায়ী বিভিন্ন বেশ-ভূশা পৰিধান কৰিব লগা হয়। অৰ্থাৎ বেশ-ভূশাৰ লগত দেশ-কাল, বতৰ আদিৰ সম্পৰ্ক জড়িত থাকে। এনেদৰে বেশ-ভূশা পৰিধান কৰোঁতে বহু সময়ত মহিলাসকল বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হয়। নিজৰ শালিনতা বজাই ৰাখি বেশ-ভূশা পৰিধান কৰিলে বিতৰ্কৰ সূত্ৰপাতৰ পৰা ৰক্ষা পাব পাৰি। বহু সময়ত মহিলাসকলে বতৰ অনুযায়ী বেশ-ভূশা পৰিধান কৰা দেখা পোৱা যায়।তথাপিও এচাম ব‍্যক্তিয়ে এনে বেশ-ভূশা পৰিধান কৰাক লৈ কটু মন্তব্য কৰা দেখা যায়। উদাহৰণ স্বৰূপে, চাকৰিয়াল মহিলাই গৰমৰ দিনত, কেতিয়াবা মেখেলা-চাদৰৰ সলনি চুৰিদাৰ এযোৰ পৰিধান কৰি গ'লে বহুতৰে চকু কপালত উঠে। তাতে মহিলা গৰাকী যদি শিক্ষা বৃত্তিৰ লগত জড়িত হয়, তেতিয়া কথা আৰু অতি বিষম হয়। যেনে শিক্ষয়িত্ৰীসকলে চুৰিদাৰ পিন্ধিলে, প্ৰায় মানুহে আচহুৱা দেখে। কিন্তু চুৰিদাৰযোৰে মহিলাগৰাকীক বহু সময়ত মেখেলা চাদৰ যোৰতকৈ বেছি সুবিধা প্ৰদান কৰিব পাৰে। যেনে, যানবাহনত উঠা-নমা, বিদ্যালয়ত কচৰৎ কৰোৱা, খেল-ধেমালি কৰোৱা, পাহাৰীয়া ঠাইত খোজ কঢ়া আদিত চুৰিদাৰ যোৰ বেছি সহায়ক হয়। আনহাতে, মেখেলা চাদৰ যোৰ পিন্ধিবলৈ মহিলা এগৰাকীক যিমান সময় লাগে, চুৰিদাৰ যোৰ পিন্ধিবলৈ তাতোকৈ কম সময় লাগে। গতিকে, চাকৰিয়াল মহিলাসকলে নিজৰ সুবিধানুযায়ী বেশ-ভূশা পৰিধান কৰিব লাগে।অৱশ্যে বিয়া-সভা, ধৰ্মীয় অনুষ্ঠান, নামঘৰ আদিত মহিলা সকলে মেখেলা-চাদৰ পৰিধান কৰা দেখা যায়। ই আদৰণীয়।
            আজিকালি, বহু জনগোষ্ঠীৰ সাজপাৰ সমূহ আমাৰ মহিলা সকলৰ মাজত পৰিধান কৰা দেখা যায়। ই বৰ আদৰণীয় আৰু উৎসাহপূৰ্ণ। কাৰণ মহিলা সকল স্বাভাৱিকতে সাজপাৰৰ প্ৰতি আকৰ্ষিত হয়। বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ সমূহ মাজে সময়ে অথবা বিশেষ উৎসৱ উদযাপনৰ  লগত সংগতি ৰাখি পৰিধান কৰিলে, সংশ্লিষ্ট জনগোষ্ঠীৰ লোক সকলে আনন্দ পায়। তদুপৰি, বিভিন্ন জনগোষ্ঠীয় সাজপাৰৰ চাহিদাই থলুৱা বয়ন শিল্পলৈ আশাৰ বতৰা কঢ়িয়াই আনিব।এই ব‍্যৱস্থাৰ দ্বাৰা শিপিনীসকলে আৰ্থিক ভাৱে সকাহ পাব পাৰে।ইয়াৰ যোগেদি থলুৱা বয়ন-শিল্প ঠনধৰি উঠিব।
এটা সময়ত অষ্টম শ্ৰেণীৰ পৰা সাধাৰণতে ছোৱালীসকলে চাদৰ মেখেলা পিন্ধাৰ নিয়ম আছিল। তেতিয়া, সেই সময়ৰ লগত খাপ খোৱাই ছোৱালী সকলে চাদৰ মেখেলা পিন্ধিছিল আৰু ই হেঁপাহ আৰু আগ্ৰহও বঢ়াইছিল।কিন্তু লাহে লাহে যুগৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে ছোৱালীসকলে অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্য্যন্ত চুৰিদাৰহে পৰিধান কৰে।কোনো কোনো শিক্ষানুষ্ঠানত ছোৱালীসকলে জীনছ, টি-চাৰ্ট আদিও পৰিধান কৰে। এনে অৱস্থাৰ পৰা শিক্ষয়িত্ৰী হোৱা মাত্ৰকে কেৱল মেখেলা চাদৰ অথবা শাৰী পৰিধান কৰাটো বাধ্যতামূলক বুলি ভাবিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বৰ্তমান যুগত অসমৰ মহিলাই বিশ্ব দৰবাৰত চাদৰ মেখেলাৰ অবিহনেও জিলিকি উঠিছে। সেয়ে, মেখেলা চাদৰ বা শাৰী পৰিধান মহিলাৰ বাবে বাধ্যতামূলক হ'ব নোৱাৰে আৰু তাৰ বাবে সমাজেও উদাৰ মনোভাৱ পোষণ কৰিব লাগিব। শেষত, এই কথা ক'বলৈ বিচাৰোঁ যে নিজৰ সাজপাৰৰ ক্ষেত্ৰত মহিলা সকলে আনলৈ ভয়-সংকোচ কৰা, অথবা আনৰ চকুত হীনমন‍্যতাত ভোগাৰ কোনো কাৰণ থাকিব নালাগে।
মহিলাৰ সাজপাৰ আৰু ইয়াৰ পৰিধান কৰাক লৈ সাধাৰণতে বেছি সমালোচনা কৰা দেখা যায়। কিন্তু, পুৰুষৰ সাজপাৰক লৈ বৰ বেছি সমালোচনা কৰা দেখা নাযায়। সেয়ে, মহিলাৰ সাজপাৰ আৰু পৰিধানৰ বাবে অযথা সমালোচনা গ্ৰহণযোগ‍্য নহয়‌। এখন সভ‍্য আৰু আধুনিক সমাজ ব্যৱস্থাত নাৰী অথবা মহিলাৰ সাজপাৰ আৰু ইয়াৰ পৰিধানৰ বাবে পৰ্য্যাপ্ত স্বাধীনতা থকা উচিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)