তোমাতেই থমকি ৰয়
মোৰ সজল দুচকুৰ চাৱনি,
জোনাকতকৈ তুমি বেছি আপোন।
বাস্তৱ জীৱনত কোনো বস্তুৱেই
কেতিয়াও স্থায়ী নহয়,
কিন্তু তুমি মোৰ বাবে
জোনাকৰ সন্ধানী পোহৰ।
তোমাৰ মৰমৰ ওচৰত
মোৰ অভিমানে হাৰ মানি গ'ল,
তোমাৰ দৰেই ময়ো
তোমাক মোৰ মাজত বিচাৰি পালোঁ।
তোমাৰ বুকুৰ গভীৰতালৈ সোমাই
মোৰ প্ৰতি থকা ভালপোৱা দেখি
ময়ো আৱেগিক হৈ পৰিলোঁ,
বৰফ গলাদি গলি গ'লো
তোমাৰ সঁচা ভালপোৱাত।
তুমি মোৰ জীৱনলৈ অহাৰ বাবেই
অভিমানী মনটো নিঃসংগতাৰ পৰা
জোনাক হৈ জিলিকি পৰিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ