সেই পথাৰ
সেই নদী ।
যʼত আমি কটাইছিলো
নিবিড় সময়
কিন্তু আমি বোৰ
সলনি হ'লো কিয় ?
নিষ্ঠুৰ ক্ৰুৰতা
হিংসুক
বুলি নতুন
পৰিচয় হ'ল ।
একেলগে বহি
জোনাক চোৱা
আঘোণৰ শ ভাত খোৱা
সেই আবেদন ৰুদ্ধ হ'ল ।
আহক উভতি সেই দিন
খেলো আকৌ
আলিঙ্গনৰ এক খেলা ।।
✍️হেমেন হাজৰিকা
ৰাণী , কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ