বৰষুণজাকৰ কথাৰে - বৰষা কাশ্যপ

©Admin
0
ৰঙীণ চহৰখনৰ বুকুত
সেইদিনা সন্ধিয়া 
এজাক বৰষুণ নামিছিল ।
ৰঙা ৰঙা 
ষ্ট্ৰীট্‌ লাইটৰ পোহৰত
বৰষুণৰ টোপালবোৰে 
প্ৰাণ পাই উঠিছিল ।
আনন্দত মতলীয়া হৈ সিহঁতে
চাৰিওফালে 
সিচঁৰিত হৈ পৰিছিল ।
চহৰখন সেইদিনা লাজত ৰঙা পৰিছিল,
বৰষুণজাকে চুই দিয়াৰ লগে লগে 
সেউজীয়া হৈছিল
আৰু কুৰুকি কুৰুকি সোমাই পৰিছিল 
তাৰ বুকুৰ মাজত ,
নিশব্দে সিহঁতে কথা পাতিছিল প্ৰেমৰ ,
গান গাইছিল জীৱনৰ ।
বৰষুণজাকে প্ৰেমত পৰিছিল চহৰখনৰ,
চহৰখনত থকা 
প্ৰতিটো সৰু-বৰ গ'লিৰ,
ওখ ওখ অট্টালিকাবোৰৰ,
আৰু .......!
আৰু ধূলিত ম্লান পৰা ৰাস্তাবোৰৰ ।
সাৱতি লৈছিল চহৰখনৰ উন্মাদ যৌৱনক
ডিচেম্বৰৰ সন্ধিয়াবোৰক !

✍️বৰষা কাশ্যপ
 অভিজ্ঞানম মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)