জীৱন-নৱজিৎ নাথ

©Admin
0
জীৱন মানে ই এখন যুদ্ধক্ষেত্ৰ,
 যত থাকে যুদ্ধ বিভীষিকা 
আৰু হেজাৰ সংগ্ৰাম । 
এই সংগ্ৰামক নেওচি 
বীৰৰ্দপে যুঁজি যুঁজি
 জয়ী হৱ পৰা জনে 
জীৱনৰ প্ৰকৃত যোদ্বা...............।।        

জীৱন মানেই এখন যুদ্ধক্ষেত্ৰ, 
যত থাকে মান,
অভিমানৰ অলেখ টোপোলা 
আৰু একো একোটা বৰ্ণিল অধ্যায় ,
ৰহনাসনা স্মৃতি আৰু 
আবেগসনা
 একোটা মিঠা ক্ষন .................।।      

  জীৱন মানে ই এখন যুদ্ধক্ষেত্ৰ,
 যত থাকে সূখ-দুখ,
যন্ত্ৰণা- বেদনা, 
    এক বিশাল সাগৰ, 
 জীৱন সংগ্ৰামৰ সাগৰত ,
সাঁতুৰি সাঁতুৰি এমুঠি সুখ
 আৰু নতুন আশাৰ সন্ধানত,      
 হাবা-থুৰি কৈ পোৱা নানান 
প্ৰত্যাহ্বান হ'ল জীৱন...….........।। 


                     ◾নৱজিৎ নাথ, 
                    ছিপাঝাৰ,দৰং, (অসম) .....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)