অনুভৱ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
পুৱাৰ কিৰণে জানো জানে
তোমাৰ মনৰ বেথা ?
নিয়ৰৰ কণাবোৰে জানো বুজে
তোমাৰ হৃদয়ৰ ভাষা ?
মনৰ মাজৰ দোমোজা যদি
মনৰ মাজতেই কঢ়িয়াই লৈ ফুৰা
সমিধান জানো পাবা?
পুৱাৰ পৰাই আৰম্ভ কৰি দিয়া
এটি নতুন দিগন্তৰ সন্ধান
সন্ধানী মনেহে জীৱনত
নতুনত্বৰ সন্ধান আনিব পাৰে ।
সপোনৰ লক্ষ্যত উপনীত
হোৱা নোহোৱা 
সেইটো পিছৰ কথা
কিন্তু সপোন দেখিবলৈ শিকা
সপোন বিহীন জীৱন 
কেতিয়াও
মধুৰ হ'ব নোৱাৰে।
শৰৎৰ আমোলমোল শেৱালীবোৰ
এবাৰ ভালকৈ চাবাচোন
কিমান বিষাদেৰে ভৰা
তথাপিও শেৱালী ফুলে
অনুভৱ কৰাই আমাক
এয়া যে শৰৎৰ বতৰ।
অনুভৱবোৰ আৰু 
আৱেগবোৰ
উকা পৃষ্ঠাত জানো
কোনো অনুভূতি নোহোৱাকৈ
কলমৰ চিয়াঁহীৰে লিপিবদ্ধ কৰিব পাৰিবা
যদি আৱেগেই সৃষ্টি নহয়
তেনে উকা পৃষ্ঠাখনি সদায়
উকা হৈয়ে ৰব............।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)