অনুভৱ - ডিম্পী বৰা

©Admin
0
জীৱনটো মাথোঁ তিনি শব্দৰ নহয়নে? ইয়াতেই থাকে প্ৰতিজন লোকৰ সুখ-দুখ,হাঁহি-কান্দোন ইত্যাদি ইত্যাদিবোৰ। জীৱনটো সাৰ্থক হোৱাৰ হেতু আপুনি কৰ্মোদ্যমী হোৱাৰ আগত প্ৰথমে এজন মানুহ হ'বলৈ শিকক।মানুহক মৰম কৰিবলৈ শিকক,সন্মান কৰিবলৈ শিকক।মানুহক আপোনাৰ মানসিকতাৰে বিবেচনা কৰিবলৈ শিকক।জীৱনটো এবাৰেই । উপভোগ কৰি চাওঁকচোন। হাজাৰ বাধা আহক ,আপুনি আগুৱাই যাওঁক।দেখিব পৃথিৱীখনত জীয়াই থাকিব পৰাটোৱেই অতি ভাল লগা কথা হৈ পৰিছে আপোনাৰ বাবে। মনত ৰাখিব অতীত যিয়েই নহওঁক ,ভৱিষ্যতত গুৰুত্ব দিব।কিন্তু অতীতক নাযাব পাহৰি।অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই এবাৰ হ'লেও ভুমুকিয়াই আহিব আপোনাৰ জীৱনৰ গভীৰ তৰংগত। সময় থাকোঁতেই আপোনবোৰক চিনি পাবলৈ শিকক ,বিপদ নেওঁচি আগুৱাই যাবলৈ শিকক। কোনাবাখিনিত যদি হতাশ হৈছে ধৈৰ্য্য আৰু সহ্যৰ নৈতিকতাৰে সাহসী হওঁক।কোনোৱে যদি হাঁহিছে,কোনোৱে দেখিব ঠাট্টা-মস্কৰা কৰিছে;একো নাই কৰিব দিয়ক। হাজাৰটা প্ৰত্যাহ্বানে আগভেটি ধৰিব,নেওচি যাওঁক। এনেকুৱা লোকৰো সন্মুখীন হ'ব যি মুখৰ মিঠা মাতেৰে আপোনাক জীৱনটোত আগুৱাই যাবৰ বাবে প্ৰথমৰে পৰাই শুভকামনা জনাব কিন্তু হঠাৎ কেতিয়াবা আপুনি সেই লোকৰ কথাত স্পষ্টবাদী হ'বলৈ গ'লে তেওঁ আপোনাক মানসিক ৰোগী নামেৰে সমালোচনা কৰিব।সেয়াও গ্ৰহণ কৰক।যিমানেই আনে সমালোচনা নকৰক মাথোঁ হাঁহি এটি মাৰি পাহৰি যাওঁক।মুঠৰ ওপৰত জীৱনটোত যুঁজিবৰ বাবে আপুনি জুইক পানী কৰাৰ দৰে মনোবল ৰাখিব লাগিব।আপোনাৰ মনস্তাত্বিক দিশটোক সক্ৰিয় কৰি ৰাখিব লাগিব যাতে; আপুনি আপোনাৰ হতাশ হোৱা মনটোক মুঠি মাৰি ৰাখিব পাৰে।তিতা-মিঠা নানানটা অনুভৱৰ স'তে আপুনি জীয়াই থাকিব লাগিব।ভাল সময় বেয়া সময় বুলি সময়ক দোষাৰূপ নকৰিব।যিয়েই নহওঁক এটাই ভাবিব যে "পৃথিৱীত জীয়াই থকালৈকে প্ৰতিটো চেকেণ্ড মোৰ বাবে শ্ৰেষ্ঠ।" মনত ৰাখিব আপুনি কিহৰ বাবে যুঁজিছে।আপোনাৰ লক্ষ্য মাথোঁ সফল হোৱা আৰু যিদিনা সফলতাই আপোনাৰ কান্ধত হাত থ'ব আপোনাৰ ক'বলৈ মন যাব-"এই জীৱন ৰৈ যোৱা আজীৱন।"
   
 ✍🏻ডিম্পী বৰা, বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)