হেৰাই যোৱা প্ৰেম- এহিয়া আহমেদ

©Admin
0
দিনবোৰ গ'ল 
ৰাতিয়ো হ'ল,  
ভালপোৱা মোৰ 
নাইকিয়া হ'ল। 
কিয়জানো মোৰ 
এনেকুৱা হ'ল!
ক'ব মই নোৱাৰো 
বহু দিন হ'ল। 
এনেকুৱা জীৱন মোৰ 
লাহে ধীৰে গলেই হ'ল, 
তুমি চাগে জানিবা 
কিয় মোৰ এনে হ'ল!
ভালপোৱাৰ হেঁপাহ মোৰ 
মনৰ পৰা আঁতৰি গ'ল 
বহু দিন হৈ গ'ল 
কিয় এনে মোৰ হ'ল!
কোনেও এদিন সোধা নাই 
কিয় তোমাৰ এনে হ'ল? 
সকলোৰে থাকি গ'ল 
মোৰ কিন্তু নাইকিয়া হ'ল। 
প্ৰেম প্ৰেম কৰি মানুহ 
আজিৰ যুগত বলীয়া হ'ল,
প্ৰেমৰ নিচা কৰে যি
আজিৰ দিনত পাগল সি
প্ৰেমৰ নামত দুখ দিয়ে যি,
শান্তি নাপায় শেষত সি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)