অনুভৱৰ একলম -আব্দুল কাদেৰ মিঞা

0
জীৱন বৰ অনুপম ।
জীৱনটো কাৰো বাবে অপেক্ষা নকৰে। জীয়াই থকা দিন কেইটাত প্ৰতিজনে প্ৰতিজনৰহৈ জীয়াই থাকিব লাগে। সেই কাৰণে এজনে আনজনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা অনুভৱ কৰা উচিত। জীৱনত সকলোৰে উপস্থিতি কিমান গুৰুত্বপূৰ্ণ বুজিব লাগিব। জীৱনটো এনেকুৱা হয় কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা হেৰুৱাৰ বেদনা, আৰু কেতিয়াবা পোৱাৰ আনন্দ। সময়ৰ লগে লগে মানুহবোৰ সলনি হৈ যায় , এয়া লাহে লাহে প্ৰমাণ পাই আছোঁ।
জীৱন বাটত কেতিয়াও অকলশৰীয়া নকৰোঁ বুলি কোৱা মানুহ জনেই এদিন অচিনাকী হৈ যায়। কাৰণ সময় কাৰো বাবে  ৰৈ নাথাকে ।
প্ৰেম আৰু বন্ধুত্বত যদি স্বাৰ্থ লুকাই থাকে তেন্তে তেনে সমন্ধ সদায় ক্ষণ স্থায়ী হয়। সেই বাবে কোৱা হয় বিশ্বাসেই জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। 
যি কৰোবাৰ ওপৰৰ পৰা এবাৰ উঠি গ'লে দ্বিতীয় বাৰ ঘুৰি অহাটো টান হৈ পৰে। নিজৰ পথ নিজেই বনাব লাগে আৰু সি যিমানেই কঠিন নহক কিয়।
আমাৰ মাজৰ পৰা কোনোবাই আঁতৰি গৈ আছে কোনোবাই পুনৰ নতুনকৈ লগ  দিছে। একেদৰে কোনোৱে লগ পাই দুখী হৈছে আৰু কোনোৱে সুখী হৈছে। কোনোৱে আমাক পাহৰি গৈছে আকৌ কোনোৱে মনত পেলাইছে। কিছুমানে লগ  পাই আমনি পাইছে আৰু কোনোৱে লগ কৰিবলৈ অপেক্ষা কৰি আছে।
আমি সকলোৱে ক'ৰবাত শুদ্ধ আৰু ক'ৰবাত ভুল ভাৱেই জীৱন নাটৰ ভাওনাত নাওঁ মেলি দিছোঁ।ঘৰ এখন বনাবলৈ যথেষ্ট সময় লাগে কিন্তু ভাঙিবলৈ একেবাৰেই সময় নালাগে।ঠিক একেদৰে প্ৰকৃত বন্ধুত্বও বৰ কষ্টৰে পোৱা যায় কিন্তু শত্ৰু হিচাপে পাবলৈ একচেকেণ্ডো নালাগে।
জীৱনৰ এটা বয়সৰ পৰা আন এটা বয়স পাবলৈ এটা এটা চেকেণ্ড যোগ কৰি হে পোৱা যায় কিন্তু জীৱনটো নিমিষতে শেষ কৰিবলৈ এটা পলো নালাগে। মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ কামটোয়ে হ'ল আনৰ চকুলো মচিব পৰাটো।পাইছোনে আমি বাৰু আনৰ দুখত দুখী হ'ব? পাইছোনে বিচাৰি আনৰ চকুলোঁৰ অৰ্থ?
এবাৰ এইবোৰ কথা অনুভৱ কৰি চাওকচোন?
সকলোৰে জীৱনত এটা কথা সদায় মনত ৰখা দৰকাৰ- আপুনি সুখী হোৱাটোৱে হ'ল আপোনাক বেয়া পোৱা সকলৰ বাবে উত্তম শাস্তি!
এই পৃথিৱীৰ ধুনীয়া মানুহবোৰৰ ভিতৰত সকলো মানুহ ভাল নহ'বও পাৰে । কিন্তু ভাল মানুহবোৰৰ মনবোৰ সদায়ে ধুনীয়া। ভাল মানুহ চিনি পাবলৈ তেখেতৰ ব্যক্তিত্বৰ পৰাই চিনিব পাৰি , পোছাকৰ পৰা নহয় । জীৱনত কিবা পাব বিচাৰিলে চৰিত্ৰ সলনি কৰক, সপোনবোৰ নহয়।
টকা - পইচা যিমানেই নহওঁক কিয়, মানুহৰ টকাৰ অভাৱ ঘটিয়ে থাকিব। সেই কাৰণে জীৱনটোক টকা - পইচাৰে তুলনা নকৰিব।
জীৱনটো এবাৰ হে পোৱা যায়, গতিকে পথৰ কাষত যদি মন্দিৰ - মছজিদ দেখা পায় তেন্তে প্ৰাৰ্থনা নকৰিলেও চলিব। কিন্তু সেই পথেৰে  কোনোৱে যাওঁতে কোনো দুৰ্ঘটনাৰ সন্মুখীন হৈ সময়মতে এম্বোলেঞ্চ পায় তাৰ বাবে সদায় প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। কি ঠিক কাৰোবাৰ জীৱন আপোনাৰ প্ৰাৰ্থনাতে মৃত্যুৰ পৰা বাচি যাব পাৰে।
আচলতে আমাৰ দৃষ্টিত মানৱ জীৱনৰ ঘাত-প্ৰতিঘাত আদিক অতিক্ৰম কৰি জীৱন যুঁজত বিজয়ৰ হাঁহি মাৰিবলৈ সমৰ্থ হোৱাতে আছে প্ৰকৃত জীৱনৰ মধুৰতা। কিমান দিনেই বা মানুহ জীয়াই থাকে –এই চুটি জীৱনটোক লৈ কেতিয়াবা অতিষ্ঠ হৈ পৰিব লগীয়া হয়। গতানুগতিকতাই লাহে লাহে মানুহৰ মাজৰ পৰা নাইকিয়া কৰি দিছে । সকলো উৎসাহ হেৰাই যাবলৈ ধৰিছে । সকলো সংবেদন, অনুভূতি,প্ৰেম ইত্যাদি। জীৱন যেন আজি হৈ পৰিছে আনন্দহীন,অৰ্থহীন। এই জীৱনত শৈশৱৰ পৰাই ৰোপণ কৰা সপোনৰ ব্যৰ্থতা কোনেও নিবিচাৰে। তথাপিও কেতিয়াবা বিফলতাই আনে ব্যৰ্থতা ,ব্যৰ্থতাই আনি দিয়ে হতাশা, হতাশাই জীৱনটোক নতুনকৈ চাবলৈ শিকায় ।
কিবা নোপোৱাটোৱেই জীৱনৰ শেষ হয়তো নহয়। যিসকলে শোকৰ ৰ’দ, দুখৰ বৰষুণ অনুভৱ কৰিব পৰা নাই ,যাৰ প্ৰেমৰ ব্যাকুলতা নাই ,সেইসকলৰ বাবে সুখ এক দুখেই । সুখৰ লগত দুখ ,যন্ত্ৰণাৰ লগত জীৱন ,হৰ্ষৰ লগত বিষাদ হাতত ধৰা ধৰিকৈ থাকে । এটাৰ অবিহনে আনটো অৰ্থহীন। প্ৰতিজন মানুহৰেই গম নোপোৱাকৈ থাকে অলেখ দুখৰ যন্ত্ৰণা , হেৰুওৱাৰ যন্ত্ৰণা আদি। আচলতে আন্ধাৰ যদি নাথাকিলেহেঁতেন আমি জানো পোহৰ অনুভৱ কৰিব পাৰিলোহেঁতেন? তেনেহ’লে দুখ নাথাকিলে সুখৰ মূল্যই বা ক’ত ? যন্ত্ৰণাই মানুহক উপলব্ধি কৰায়।  সেই উপলব্ধিয়ে সংশোধন ঘটায় জীৱনৰ । সাহসী আৰু জীৱনক ভাল পোৱা মানুহ কেতিয়াও নিৰাশ নহয়।
যিসকল বৰেণ্যলোকে সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰিছে সেইসকলে বহুতো ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিহে কৃতকাৰ্যতাৰ মুখ দেখিছে। মানুহৰ জীৱনটো হৈছে আশাৰ ভঁৰাল। আশাবাদী চিন্তা ধাৰণাই মানুহক ভৱিষ্যত বাটত খোজ মিলোৱাত সহায় কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)